কীমৰ নিদের্শ : উত্তৰ কোৰিয়াত জিনছ পিন্ধিলে, বিদেশী চিনেমা চালে বিহিব মৃত্যুদণ্ড

pic 1

উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কীম জং উনে অলপতে এক নতুন আইন দেশখনত প্ৰৱৰ্তন কৰিলে। ইয়াৰ জৰিয়তে কমিউনিষ্ট শাসকজনে উত্তৰ কোৰিয়াৰ বিদেশৰ প্ৰভাৱৰ পৰা মুক্ত ৰাখিবলৈ কেতবােৰ নির্দেশনা জাৰি কাৰিছে।

ADVERTISEMENT

উত্তৰ কোৰিয়াবাসীয়ে এতিয়াৰে পৰা বিদেশী চলচ্চিত্র উপভােগ কৰিলে, বিদেশী সাজ-পাৰ পৰিধান কৰিলে আৰু অশিষ্ট ভাষা প্রয়ােগ কৰিলে মৃত্যুদণ্ড শান্তি লাভ কৰিব বুলি কীমে ঘােষণা কৰিছে।

অলপতে কীমৰ নিৰ্দেশত দেশখনৰ এনে এজন লােকক মৃত্যুদণ্ড বিহা হৈছিল, যিজন ব্যক্তিক দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰৰ স’তে আৰক্ষীয়ে হাতে-ললাটে ধৰা পেলাইছিল। দক্ষিণ কোৰিয়াৰ চলচ্চিত্র উপভােগ কৰা উত্তৰ কোৰিয়াৰ এইজন নাগৰিকক কীমৰ উপস্থিতিতে মৃত্যুদণ্ড বিহা হৈছিল।

উত্তৰ কোৰিয়াত পূর্বৰে পৰা প্রাপ্তবয়স্কৰ ছবি নিষিদ্ধ আৰু কোনাে ব্যক্তিয়ে অশ্লীল ছবি বা ভিডিঅ’ উপভােগ কৰি ধৰা পৰিলে তেনে ব্যক্তিক মৃত্যুদণ্ড বিহাৰ নিয়ম দেশখনত আছে। কিছুদিন পূর্বে কীমৰ নিৰ্দেশত উত্তৰ কোৰিয়াত জিচ্ছ পৰিধানত কিছু নিয়ম-নীতি প্ৰৱৰ্তন কৰা হৈছিল ।

এই নতুন নিয়ম অনুসৰি, কোনাে লােকে ফটা-ছিটা (বিল্ড) জিচ্ছ । পৰিধান কৰিলে তেনে ব্যক্তিক বিদেশী সংস্কৃতি গ্ৰহণ কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা হ’ব । নতুন নিয়ম অনুসৰি, দক্ষিণ কোৰিয়া, আমেৰিকা বা জাপানৰ সংবাদ মাধ্যমৰ তথ্যপাতি উত্তৰ কোৰিয়াৰ কোনাে ব্যক্তিয়ে আহৰণ কৰি ধৰা পৰিলে তেনে ব্যক্তিক ফাঁচি দিয়াৰ নির্দেশ কীমে দিছে।

ম’বাইল আদিত দক্ষিণ কোৰিয়া, আমেৰিকা বা জাপানৰ সংবাদ মাধ্যমৰ বা-বাতৰি প্ৰত্যক্ষ কৰি ধৰা পৰা ব্যক্তিকো উত্তৰ কোৰিয়াৰ শাসকে ১৫ বছৰৰ কাৰাদণ্ড বিহাৰ নির্দেশ দিছে । উত্তৰ কোৰিয়াক বিশেষকৈ পশ্চিম বিশ্বৰ সংস্কৃতিৰ পৰা মুক্ত ৰাখিবলৈ কমিউনিষ্ট শাসকজনে এনে কঠোৰ বিধি প্ৰৱৰ্তন কৰিছে ।

বিদেশী ভাষণ, কেশসজ্জা আৰু ফেশ্বনৰ পৰা কীমে দেশখনৰ যুৱ প্ৰজন্মক আঁতৰাই ৰাখিব বিচাৰিছে ।

Exit mobile version