গােপনে খেলপথাৰ-ক্রীড়াংগন বিক্ৰী কৰ্প’ৰেট গােষ্ঠীক

blo2

ৰেলৰ পাছত এইবাৰ ক্রীড়া ক্ষেত্রসমূহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ভাৰতীয় ৰেলে। অতিমাৰীৰ প্রকোপত সমগ্র দেশ কাহিল হৈ পৰাৰ সময়তে ভাৰতীয় ৰেলে অতি গােপনে এই সিদ্ধান্ত কার্যকৰী কৰিলে।

অতি নিঃশব্দে ৰেলৰ অধীনস্থ বিভিন্ন খেলপথাৰ, ষ্টেডিয়াম আদি ‘ৰেল লেণ্ড ডেভেলপমেন্ট অথ’ৰিটী’ নামৰ কৰ্প’ৰেট গােষ্ঠীটোৰ হাতত বিক্ৰী কৰি দিয়াৰ অভিযােগ কৰিছে ৰেল কর্মচাৰীসকলে।

ইতিমধ্যে বাণিজ্যিক বিকাশৰ নামত কলকাতা, পাটনা, ভুৱনেশ্বৰ,চেন্নাই, ৰায়বেৰেলি, লক্ষ্ণৌ, গােৰক্ষপুৰ, ছেকেন্দ্রাবাদ, ৰাঁচি,বাংগালুৰুসহ ১৫টা মণ্ডলৰ খেলপথাৰ কৰ্প’ৰেট গােষ্ঠীটোক অর্পণ কৰাৰ নির্দেশ দিছে ভাৰতীয় ৰেল কর্তৃপক্ষই।

ৰেলৰ এই সিদ্ধান্তৰ কথা পােহৰলৈ অহাৰ লগে লগে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰেল কর্মচাৰীসকল।সর্বভাৰতীয় ৰেল কর্মী ফেডাৰেচনে ইতিমধ্যে ভাৰতীয় ৰেল ব’র্ডৰ অধ্যক্ষলৈ প্রতিবাদ পত্র প্রেৰণ কৰিছে। পূৱ ৰেল কর্মী ইউনিয়নেও ইতিমধ্যে কলকাতাৰ খেলপথাৰ বিক্ৰীৰ বিৰােধিতা কৰিছে।

কর্মী সংগঠনসমূহে অভিযােগ কৰিছে যে যি খেলপথাৰক কেন্দ্ৰ কৰি বিশ্বমানৰ ক্রীড়াবিদসকল উঠি আহিছে, খেলৰ জগতৰ নানা সন্মান দেশক আনি দিছে; সেই খেলপথাৰ উন্নতিৰ নামত বাণিজ্যিক গােষ্ঠীৰ হাতত তুলি দিয়া হৈছে। এনে কাৰ্য কেতিয়াও হ’ব নােৱাৰে বুলিও কর্মী সংগঠনসমূহে স্পষ্ট কৰিছে।

অল ইণ্ডিয়া কেলৱে মেনছ ফেডাৰেচন’ (এআইআৰএফ)ৰ সাধাৰণ সম্পাদক শিৱগােপাল মিশ্রই ৰেল ব’র্ডৰ অধ্যক্ষক লিখিতভাৱে জনাইছে যে ১৫টা মণ্ডলৰ গুৰুত্বপূৰ্ণ চহৰত এই খেলপথাৰ আৰু ষ্টেডিয়াম আছে, যিবােৰ ‘অল ইণ্ডিয়া লেণ্ড ডেভেলপমেন্ট অথ’ৰিটী’ৰ হাতত ৰেলে তুলি দিব নােৱাৰে।

সকলােবােৰ খেলপথাৰ ৰেল কৰ্মচাৰীসকলৰ ব্যৱহাৰৰ বাবেহে। ৰেলত কর্তব্যৰত ক্রীড়াবিদসকলে যিদৰে এইবােৰ খেলপথাৰত প্রশিক্ষণ লয়, সেইদৰে ৰেলকর্মীকলৰ সন্তানসকলেই এই খেলপথাৰত প্রশিক্ষণ লয়। এই খেলপথাৰসমূহেই ৰেলৰ আৰু দেশৰ মুখ উজ্জ্বল কৰাত সহযােগিতা কৰিছে। আগন্তুক দিনত আৰু কৰিব।

উল্লেখ্য যে ২০১৬ত অলিম্পিকত অংশগ্রহণকাৰী ৩৫জন ভাৰতীয় ক্রীড়াবিদে ৰেলৰ এই খেলপথাৰসমূহতে প্রশিক্ষণ লৈছিল। ক্রীড়াজগতৰ বহু নামী পদকপ্রাপ্তসকলে এতিয়াও এইবােৰ খেলপথাৰত প্রশিক্ষণ দি আহিছে।

এথলেটিকছু, ক্রিকেট, ফুটবল, বাস্কেটবল, ভলীবল, টেনিছ, বেডমিণ্টন, জিমনাষ্টিকছু, ভাৰােত্তোলন, সাঁতােৰ, মল্লযুঁজ আদি প্রায় সকলাে ক্ষেত্রতে।পাৰদৰ্শিতা দেখুৱাই আহিছে ৰেল কর্মচাৰীকলে। ফলত এই খেলপথাৰসমূহ দেশৰ প্ৰয়ােজনীয় সম্পদ বুলি অভিহিত কৰি ফেডাৰেচনে ৰেলমন্ত্ৰীৰ প্রতিও ক্ষোভ উজাৰে। এইবােৰ সম্পদ কোনােপধ্যে বিক্ৰী কৰিব নােৱাৰিব বুলি ফেডাৰেচনে ৰেলমন্ত্রীকো জনাইছে।

Exit mobile version