নাগশংকৰত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

nnn
চতিয়া বিধান সভা সমষ্টিৰ ঐতিহাসিক নাগশংকৰ দেৱলায়ৰ নিকটৱৰ্তী ন-তেতীলা গাঁৱৰ মণিপুৰি মেছৰ ঘৰত আজি পুৱা বেলা এটি দুষ্প্ৰাপ্য বন ৰৌ উদ্ধাৰ হোৱাত স্থানীয় ৰাইজৰ মাজত ব্যাপক উত্কণ্ঠা বৃদ্ধি পোৱা দেখা যায়।প্ৰকৃতি সংৰক্ষনৰ আন্তৰ্জাতিক স্ংস্থা (International Union for Conservation of Nature – ICUN)ৰ দ্বাৰা অতি বিৰল আৰু দুষ্প্ৰাপ্য বুলি চিহ্নিত এই জীৱটোক ওচৰৰ পৰা চাবৰ বাবে স্থানীয় ৰাইজে হেতা ওপৰা লগোৱা দেখা যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত কুসুমতোলাস্থিত নাগশংকৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা বনকৰ্মীৰ দলে এই দুষ্প্ৰাপ্য বন ৰৌটো উদ্ধাৰ কৰি লৈ যায়।
ADVERTISEMENT
Exit mobile version