বিদেশলৈ যোৱা শিক্ষাৰ্থী, ক্ৰীড়াবিদসকলৰ প্ৰতিষেধকৰ দ্বিতীয় পালিৰ বাবে নতুন নিয়ম কেন্দ্ৰৰ

covid 19 vaccination 1500 991 2

বিদেশত পঢ়িবলৈ বা কাম কৰিবলৈ যোৱা লোকসকলৰ প্ৰতিষেধকৰ দ্বিতীয় পালিৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰই । প্ৰতিষেধকৰ দ্বিতীয় পালি ল’বলৈ পৰিচয়পত্ৰ হিচাপে পাছপ’ৰ্ট দেখুওৱাব লাগিব তেওঁলোকে । সেই পাছপ’ৰ্টৰ স’তে প্ৰতিষেধকৰ শংসাপত্ৰ সংলগ্ন কৰা হ’ব । সোমবাৰে এই বিষয়ে ঘোষণা কৰে কেন্দ্ৰই ।

ট’কিঅ’ অলিম্পিক্সত অংশগ্ৰহণকাৰী ক্ৰীড়াবিদসকলৰ বাবেও এই নিয়ম কাৰ্যকৰী হ’ব । আগন্তুক ৩১ আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব । সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰ‌ই ।

প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰাৰ ৮৪ দিনৰ পাছত দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব জনসাধাৰণে । কিন্তু বিদেশত পঢ়িবলৈ বা কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া লোকসকলৰ বাবে সময় আগবঢ়াই আনিবলৈ আবেদন কৰা হয় কেন্দ্ৰক । সামগ্ৰিক পৰিস্থিতি বিবেচনা কৰি বিদেশ ভ্ৰমণ কৰিব লোৱা লোকসকলৰ দ্বিতীয় পালি গ্ৰহণৰ সময়সীমা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰথম পালি গ্ৰহণ কৰাৰ ২৮ দিনৰ ভিতৰতে তেওঁলোকে দ্বিতীয় পালি ল’ব পাৰিব ।

Exit mobile version