১৮০ ডিগ্ৰী মূৰ ঘূৰাব পাৰে এজন যুৱকে, চাওক ভাইৰেল ভিডিঅ’

man rotates head

আপোনাৰ মূৰটো ১৮০ ডিগ্ৰী ঘূৰাব পাৰিব নে ? চেষ্টা নকৰিব আঘাতপ্ৰাপ্ত হ’ব পাৰে । অৱশ্যে ম‌ই বা আপুনি নোৱাৰিলেও এজন লোকে কিন্তু পাৰে । সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

টিকটকত ভাইৰেল হোৱাৰ পাছতে ৩০ লাখৰো অধিক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো চাইছে । হেজাৰৰো অধিক লোকে লাইক কৰিছে ভিডিঅ’টো । ভিডিঅ’টোত যুৱকজনক এখন হাত থুঁতৰিত আৰু আনখন হাত মূৰৰ পাছফালে ৰখা দেখা যায় । ইয়াৰ পাছত তেওঁ থুঁতৰিটো পাছফালে ঠেলি ঘূৰাই থাকে ।

ভিডিঅ’টোত যুৱকজনৰ প্ৰতিভা দেখি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল আচৰিত হয় পৰে । বহুতেই জানিব বিচাৰিছে কেনেদৰে তেওঁ মূৰটো ১৮০ ডিগ্ৰী ঘূৰাব পাৰে ? বহুতেই জানিব বিচাৰিছে তেওঁ নিজৰ প্ৰতিভাৰ কথা কেনেদৰে গ’ম পালে ?

ভিডিঅ’টো এটা সতৰ্কবাণীৰে প’ষ্ট কৰা হৈছিল । সতৰ্কবাণীত কোৱা হয়, ভিডিঅ’টো এজন পাকৈত লোকে কৰিছে বা পাকৈত প্ৰশিক্ষকৰ তত্বাৱধানত কৰা হৈছে । সেয়ে আপুনি কৰাৰ চেষ্টা নকৰিব ।

https://youtu.be/twSScEDljN0

Exit mobile version