ক’ভিডকালীণ সুখ দুখৰ কথা

চৰ্চাৰ কেন্দ্ৰ বিন্দু ৬০ উৰ্দ্ধৰ দুই ব্যক্তি 

IMG 20210608 WA0014
ক’ভিডৰ দ্বিতীয় লহৰে একাংশ লোকৰ জীৱন আৰু জীবিকাৰ প্ৰতি ভীষণ সমস্যাৰ সৃষ্টি কৰিছে । বহু লোকে এতিয়া এসাঁজ ভাতৰ বাবেও হাঁহাকাৰ কৰিব লগা হৈছে । চৰকাৰৰ এছ অ’ পি অনুসৰি পুৱা বেলাৰ ভিতৰত দোকান পোহৰ আদি খুলিবলৈ অনুমতি দিয়া হৈছে যদিও কম সময়ৰ ভিতৰত ব্যবসায় বানিজ্য ভালদৰে কৰিব নোৱাৰাত একাংশ লোক আৰ্থিক সংকটত পৰিব লগা হৈছে । দিন হাজিৰা কৰা বা উপাসনা স্থলী আদিত কাম কৰা লোক সকলো সমস্যাৰ সন্মুখীন হব লগা হৈছে । এনেদৰে সমস্যাৰ সন্মুখীন হৈ দুজন ৬০ উৰ্দ্ধৰ লোকে ভিক্ষা বৃত্তি অৱলম্বন কৰিব লগা হৈছে । এই লোক দুজন হৈছে – নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীৰ আমিৰুদ্দিন আৰু আনজন নগাঁও জিলাৰ শিলঘাটৰ কিশোৰ শ্বাহ । এই দুয়োজন ব্যক্তিয়ে নগাঁও চহৰৰ কৃষ্ণশ্ৰম শিৱমন্দিৰৰ  সন্মুখত সামাজিক দুৰত্ব মানি একেলগে ভিক্ষা গ্ৰহন কৰা কাৰ্যই সকলো পথচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । প্ৰায় ৭০ বছৰীয়া আমিৰুদ্দিনে জানিবলৈ দিয়ে যে , তেওঁ  এসময়ত দিন হাজিৰা কৰাৰ লগতে ৰিক্সাও চলাইছিল । পৰবৰ্তী সময়ত ঠেলা চলাই জীবিকা নিৰ্বাহ কৰিছিল । পিছলৈ ৰিক্সা আৰু ঠেলাখন নোহোৱা হল ।এনে পৰিস্থিতিৰ মাজতে ক’ভিডৰ দ্বিতীয় লহৰে আমিৰুদ্দিনৰ সন্মূখত আন এক সমস্যাৰ সৃষ্টি কৰিছে । জীৱন আৰু জীবিকাৰ পথ বন্ধ হৈ পৰাত এতিয়া ভিক্ষা বৃত্তিৰ পথ অবলম্বন কৰিব লগা হৈছে । একেই পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰায় ৬২ বছৰীয়া কিশোৰ শ্বাহেও । এসময়ত মন্দিৰত থকা কিশোৰ শ্বাহে ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া জীবিকাৰ বাবে বিকল্প পথৰ সন্ধান কৰিব লগা হৈছে । ভিক্ষা বৃত্তি গ্ৰহণ কৰা ভিন্ন সম্পদায়ৰ লোক দুজনে ইজনে সিজনে সুখ দুখৰ কথাও পাতিছে । সদাশয় লোক সকলে এই লোক দুজনক যেনেকৈ পাৰে দুই এপইছা ভিক্ষা পাত্ৰত দি সহায় কৰিছে । তাতে তেওঁ লোক সন্তুষ্ট । যি সকলে তেওঁ লোকক সহায় কৰিছে দুইজনেই তেওঁ লোকক কৃতজ্ঞতা জনাইছে ।
Exit mobile version