একেলগে ১০ টা সন্তান জন্ম দি অভিলেখ গঢ়িলে দক্ষিণ আফ্ৰিকাৰ মহিলাই

gosiame thamara sithole

একেলগে ১০ টা সন্তান জন্ম দিলে দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই । অভিলেখ গঢ়িলে মহিলাগৰাকীয়ে । বিগত মাহত মৰক্কোৰ মালিয়ান হালিমা ছিজত একেলগে ন টা সন্তান জন্ম হৈছিল ।

৩৭ বছৰীয়া গোছিয়ামে থামাৰা ছিথোলেই সোমবাৰে নিশা ১০ টা সন্তান জন্ম দিয়ে । গোছিয়ামেৰ স্বামী তেবোহোৱে দেশখনৰ এক সংবাদ মাধ্যমক জনায়, ‘মোৰ পত্নী সাত মাহ সাত দিনৰ অন্তঃসত্ত্বা আছিল । তেওঁ সাতটা ল’ৰা আৰু তিনিটা কন্যা শিশু জন্ম দিছে ।’ ইয়াৰ পূৰ্বে যমজ সন্তান জন্ম দিছিল গোছিয়ামেয়ে । সম্প্ৰতি তেওঁলোকৰ বয়স ছয় বছৰ ।

অৱশ্যে একেলগে ১০ টা সন্তান জন্ম দিয়াৰ কথা কল্পনা কৰা নাছিল গোছিয়ামেয়ে । প্ৰসৱৰ আগমুহূৰ্তলৈকে তেওঁ জানিছিল তেওঁৰ গৰ্ভত আঠটা সন্তান আছে । স্কেনত এইয়াই ধৰা পৰিছিল । সেয়ে ১০ টা সন্তান জন্মাত আচৰিত হৈছে গোছিয়ামে আৰু তেওঁৰ স্বামী । সম্প্ৰতি দহোটা সন্তানেই সুস্থ । বিভিন্ন আন্তৰ্জাতিক সংবাদ মাধ্যমৰ অনুসৰি, গোছিয়ামেই প্ৰথম যিয়ে একেলগে ১০ টা সন্তান জন্ম দিছে ।

Exit mobile version