কেপিপিৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায়ৰ মৃত্যুত গভীৰ শোকপ্রকাশ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

WhatsApp Image 2021 06 09 at 6.00.56 PM

আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (KPP)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে জনায় যে কেপিপি ৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায় শিলিগুৰিৰ নেওটিয়া নাৰ্ছিং হোম নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেইবাদিনো ধৰি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ।

তেখেত গুৰুতৰভাবে অসুস্থ হোৱাত আই চি ইউ ত ৰখাৰ ব্যৱস্থা কৰিছিল চিকিৎসালয় কতৃপক্ষই ।বিগত প্ৰায় কেবাদিন ধৰি তেখেতৰ চিকিৎসা চলি থকাৰ পাছতো স্বাস্থ্যৰ কোনো ধৰণৰ উন্নতি হোৱা নাছিল আৰু আজি দুপৰীয়া দুই বজাত কেপিপিৰ সভাপতি অতুল ৰায় ডাঙৰীয়াই জীৱন-মৃত্যুৰ সংঘৰ্ষ কৰি ইহ সংসাৰৰ পৰা বিদায় লয় ।

কেপিপিৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায়ৰ অকাল বিয়োগত অসম তথা উত্তৰবংগত চলি থকা পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণ আন্দোলন ক্ষেত্ৰত অপুৰণীয় ক্ষতি বুলি কেপিপি ৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কয় ।

কেপিপিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কয় যে, অতুল ৰায়ৰ দৰে এগৰাকী প্ৰতিবাদী, সংগ্ৰামী আৰু সুদক্ষ সংগঠক হেৰুৱাই আমি মৰ্মাহত হৈছোঁ। অতুল ৰায় নেতৃত্বতে পশ্চিমবংগ চৰকাৰে কামতাপুৰী ভাষাক ৰাজ্যৰ স্বীকৃত ভাষাৰ মৰ্য্যদা দিয়াৰ উপৰিও পুৰণ কৰে কেপিপি য়ে উত্থাপন কৰা বহুতো দাবী বা সমস্যাৰ ।

তেখেতৰ বিয়োগত আমি এগৰাকী সুযোগ্য সংগঠনক লগতে হেৰুৱালো এজন অভিভাৱকক। তেখেতৰ অকাল বিয়োগ আমাৰ কাৰণে এক অপুৰণীয় ক্ষতি । অতুল ৰায়ৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি শোকাতুৰ পৰিয়াল বৰ্গক কে পি পি ৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰা হ’ল ।

ইফালে একেটা বিবৃতিত কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কেন্দ্ৰীয় সভাপতি অতুল ৰায়ৰ অকাল বিয়োগৰ বাৱে প্ৰতিখন জিলা, ব্লক আৰু অঞ্চল কমিটিক অহা ১০ জুনৰ পৰা দলীয় পতাকা তিনি দিনৰ লৈকে অৰ্ধনমিত কৰি তুলি দলীয়ভাৱে শোকসভা পাতিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ।

Exit mobile version