ধুপুৰী গাঁৱত হালধীয়া পানীক লৈ চাঞ্চল্য

IMG 20210608 140135

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ২ নং ধুপুৰী গাঁৱত সংঘটিত হৈছে এক আলৌকিক ঘটনা । দমকলৰ পৰা নিৰ্গত হৈছে হালধীয়া ৰঙৰ পানী ।

গোপাল সৰকাৰৰ ঘৰৰ দমকল আৰু মটৰত কে’বাদিনো ধৰি হালধীয়া ৰঙৰ পানী ওলাই আছে । কেতিয়াও নেদেখা নুশুনা এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

যোৱা পাঁচ জুনৰ পৰাই হালধীয়া ৰঙৰ পানী ওলাই আছে । প্ৰায় ছয়-সাত বছৰ ধৰি এই দমকল ব্যৱহাৰ কৰি আছে যদিও কোনোদিনে এনে আলৌকিক ঘটনা সংঘটিত হোৱা নাই । গৃহস্থ নিজেই দমকল মিস্ত্ৰী ।

নিজে নিজে পানীৰ ৰং সলনি হ’ল । সম্প্ৰতি ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ ঘৰখনত লানি নিছিগা ভিৰ । কোনো কোনো লোকে পানী বটলত ভৰাইয়ো লৈ গৈছে ।

গাঁৱৰ সচেতন বাসিন্দা আব্দুল বাতেন গাজীয়ে এই বিষয়ে মাণিকপুৰ ৰাজহ বিষয়া ৰিতুমণি দাস আৰু বঙাইগাঁও জল সম্পদ বিভাগক অৱগত কৰিছে যদিও, এই পৰ্যন্ত পানী পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই ।

Exit mobile version