যোৱা বছৰৰ অক্টোবৰত ভাৰতত ক’ভিড-১৯ৰ এক নতুন প্ৰজাতিৰ সংক্ৰমণ ধৰা পৰিছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাই দ্ৰুত সংক্ৰমিত কৰ’নাৰ এই প্ৰজাতিৰ নাম ‘ডেল্টা’ ৰাখিছিল । নতুন দিল্লীস্থ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্) আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল (এন চি ডি চি)ৰ পৃথক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, এজন ব্যক্তিয়ে ক’ভাক্সিন আৰু ক’ভিশ্বিল্ডৰ দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো ক’ভিডৰ নতুন প্ৰজাতি ডেল্টাত আক্ৰান্ত হ’ব পাৰে ।
এইমছ্ৰ অধ্যয়নটোত উল্লেখ কৰা মতে, ব্ৰিটেইনত ধৰা পৰা ক’ভিড প্ৰজাতি ‘আলফা’ৰ তুলনাত ভাৰতত চিনাক্ত হোৱা ‘ডেল্টা’ প্ৰজাতি ৪০ৰ পৰা ৫০ শতাংশ অধিক সংক্ৰামক । ভাৰতত দ্বিতীয় ঢৌত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰাৰ অন্যতম কাৰণ ‘ডেল্টা’ প্ৰজাতিৰ ব্যাপক সংক্ৰমণ বুলিও এইমছে্ প্ৰতিবেদনত উল্লেখ কৰিছে ।
এইমছ্ৰ বিশেষজ্ঞই ৬৩ জন উপসৰ্গযুক্ত ৰোগীক সামৰি চলোৱা অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি, ৬৩ ৰোগীৰ ৫৩ জনে কমেও এপালিকৈ ক’ভাক্সিনৰ আৰু আন ৰোগীকেইজনে কমেও এপালিকৈ ক’ভিশ্বিল্ডৰ প্ৰতিষেধক গ্ৰহণ কৰিছিল । আক্ৰান্ত ৰোগীৰ ৩৬ জনে এই দুই প্ৰতিষেধকৰ দুপালি লাভ কৰিছিল । প্ৰতিষেধকৰ এপালি গ্ৰহণ কৰা লোকৰ ক্ষেত্ৰত ‘ডেল্টা’ৰ সংক্ৰমণৰ হাৰ আছিল ৭৬.৯ শতাংশ । আনহাতে, দুপালি প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ ক্ষেত্ৰত ‘ডেল্টা’ৰ সংক্ৰমণ ৬০ শতাংশ আছিল ।
আনহাতে, ক’ভিশ্বিল্ড গ্ৰহণ কৰা ২৭ জন লোক কৰ’নাৰ ‘ডেল্টা’ প্ৰজাতিত সংক্ৰমিত হৈছিল । এইবিধ প্ৰতিষেধকৰ ক্ষেত্ৰত ‘ডেল্টা’ৰ সংক্ৰমণৰ হাৰ আছিল ৭০.৩ শতাংশ । অৱশ্যে অধ্যয়নটো চলোৱা গৱেষকে স্পষ্ট কৰি দি কয় যে ‘ডেল্টা’ প্ৰজাতিৰ সংক্ৰমণৰ ফলত ক’ভিডজনিত মৃত্যুৰ ঘটনা অথবা গভীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে লাভ কৰা হোৱা নাই ।
এইমছ্ আৰু এন চি ডি চিয়ে চলোৱা অধ্যয়নৰ তথ্যৰ স’তে পূৰ্বে একেটা বিষয়ত যৌথভাৱে নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি, পুনে, আইচিএমআৰ আৰু ক’ভাক্সিনৰ প্ৰস্তুত কৰা ভাৰত বায়’টেকে চলোৱা অধ্যয়নৰ তথ্যৰ মাজত যথেষ্ট প্ৰভেদ আছে । পূৰ্বে চলোৱা অধ্যয়নত এই তিনি প্ৰতিষ্ঠানে দাবী কৰা অনুসৰি, ক’ভাক্সিন প্ৰতিষেধকে ‘ডেল্টা’ আৰু ‘বেটা’ উভয় প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধত সমানে কাৰ্যকৰী । উল্লেখ্য যে ক’ভিডৰ ‘বেটা’ প্ৰজাতিৰ সন্ধান প্ৰথমে দক্ষিণ আফ্ৰিকাত লাভ কৰা হৈছিল ।