দেশজুৰি ১৬ খন ৰাজ্যত অক্সিজেন প্ৰকল্প স্থাপন কৰিব অভিনেতা ছনু ছুদে

Im humbled but also a bit apprehensive Sonu Sood on being doodh bathe 1

ক’ভিড আক্ৰান্তসকলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আহিছে জনপ্ৰিয় অভিনেতা ছনু ছুদে ।এইবাৰ ছনুৱে দেশৰ কমেও ১৬ ৰ পৰা ১৮ খন ৰাজ্যত অক্সিজেন প্ৰকল্প স্থাপন কৰিব।

বুধবাৰে এই কথা ঘোষণা কৰিলে ছনু ছুদে। তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু কুৰ্ণুলত অক্সিজেন প্ৰকল্প স্থাপনৰ কাম ইতিমধ্যে চলি আছে। ছেপ্টেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।

সংবাদ সংস্থা আইএএনএছ কে ছনুৱে কয়, “মই প্ৰায় সকলো ৰাজ্যতে অক্সিজেন প্ৰকল্প স্থাপন কৰিবলৈ চেষ্টা কৰি আছো। কমেও ১৫০ ৰ পৰা ২০০ খন বিচনা থকা চিকিৎসালয়ৰ ওচৰত অক্সিজেন প্ৰকল্প স্থাপনৰ প্ৰচেষ্টা চলি আছে।

যাতে চিকিৎসালয়বোৰে আৰু অক্সিজেন সংকটৰ সন্মুখীন নহয়।ছনুৱে লগতে কয়, ‘বৰ্তমান প্ৰায় ৭০০ টা অক্সিজেন পাত্ৰই সেৱা আগবঢ়াই আছে। কিন্তু এটা অক্সিজেন প্ৰকল্প স্থাপন কৰিলে স্থায়ীভাৱে সমস্যা সমাধান হ’ব।

মহামাৰী শেষ হ’লেও, অক্সিজেন প্ৰকল্পৰ পৰা উপকৃত হ’ব। মহামাৰীৰ আৰম্ভণিৰ পৰাই ছনু ছুদে আক্ৰান্তসকলৰ কাষত থিয় দি আহিছে।

Exit mobile version