মাত্ৰ ৪২ বছৰ বয়সতে প্ৰয়াত এছিয়ান গেমছত স্বৰ্ণপদক জয়ী বক্সাৰ পদ্মশ্ৰী ডিংকু সিং

squareart

প্ৰসিদ্ধ বক্সাৰ নাংগম ডিংকু সিঙৰ মৃত্যু । মৃত্যুৰ সময়ত তেওঁৰ বয়স মাত্ৰ ৪২ বছৰ হৈছিল । ২০১৭ৰ পৰা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ । বিগত বৰ্ষত কৰ’নাটো আক্ৰান্ত হৈছিল ডিংকু । ফলত শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে । বক্সাৰজনে ১৯৯৮ত বেংককত এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল ।

বিগত বৰ্ষৰ জানুৱাৰীত ডিংকুক দিল্লীত ৰেডিয়েচন দিয়া হয় । ইয়াৰ পাছত তেওঁ ইম্ফলত নিজ গৃহত উভতি আহে । এপ্ৰিলত পুনৰ শৰীৰক অৱস্থাৰ অৱনতি ঘটাত তেওঁক দিল্লীলৈ লৈ অনা হয় । জণ্ডিছটো আক্ৰান্ত ডিংকু । ১৯৯৮ত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল । ২০১৩ত পদ্মশ্ৰী অৰ্জন কৰে ।

প্ৰতিভাৱান খেলুৱৈগৰাকীৰ মৃত্যুত ভাৰতৰ বক্সিং জগতত শোকাকোল পৰিৱেশ বিৰাজ কৰিছে । অলিম্পিক্স পদকজয়ী বক্সাৰ বিজেন্দ্ৰ সিঙে টুইট কৰে, ‘ম‌ই অতি শোকস্তব্ধ । তেওঁৰ জীৱনৰ যুঁজে অন্যক অনুপ্ৰেৰণা যোগাব বুলি আশাপ্ৰদ । ম‌ই প্ৰাৰ্থনা কৰিছো তেওঁৰ শোকসন্তপ্ত পৰিয়ালে যাতে এই সময় পাৰ কৰিবলৈ শক্তি পায় ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি কয়, ‘শ্ৰী ডিংকু সিং অন্যতম তাৰকা আছিল । এজন অসামান্য বক্সাৰ, তেওঁ নিজে খ্যাতি অৰ্জন কৰি ভাৰতীয় বক্সিঙৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰি দিছিল । তেওঁৰ মৃত্যুত শোকাহত । তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা ।’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে, ‘বক্সিঙত এছিয়ান গেমছৰ স্বৰ্ণপদক প্ৰাপ্ত অল্প বয়সী এন ডিংকু সিঙৰ মৃত্যুৱে মোক গভীৰ বেদনা দিছে । মণিপুৰৰ পদ্মশ্ৰী ডিংকুৱে উত্তৰ-পূৰ্বাঞ্চলৰ বক্সিঙৰ এটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল । এই অপূৰণীয় ক্ষতিত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা ।’

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট কৰে, ‘ডিংকু সিং কেৱল ভাৰতৰ শ্ৰেষ্ঠ বক্সিং খেলুৱৈয়ে নাছিল, এক সংবেদন আছিল যিয়ে বক্সিঙক ভাৰতৰ খেলৰ মানচিত্ৰত স্থাপন কৰিছিল । কিংবদন্তিগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছো । তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা ।’

Exit mobile version