ক’উইন এপৰ পৰা তথ্য চুৰি ? অসত্য আৰু ভিত্তিহীন অভিযোগ, দাবী স্বাস্থ্য মন্ত্ৰালয়ৰ

co win app 1

ক’উইন এপৰ কোনো তথ্য হেক কৰা হোৱা নাই। এই খবৰ সম্পূৰ্ণৰূপে অসত্য আৰু ভিত্তিহীন। এই দাবী কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ । ক’উইন এ’পটো হেক কৰি ১৫ কোটি গ্ৰাহকৰ তথ্য হেকাৰসকলে জব্দ কৰি সেই তথ্য বিক্ৰী কৰা হয়। বৃহস্পতিবাৰে এনে ধৰণৰ এটা খবৰত সমগ্ৰ দেশতে হুলস্থূলৰ সৃষ্টি হৈছিল।

স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই কয় যে ক’উইনৰ কোনো তথ্য চোৰাং ভাৱে অনা হোৱা নাছিল। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কম্পিউটাৰ জৰুৰীকালীন দলে বিষয়টো অনুসন্ধান কৰি আছে। মন্ত্ৰালয়ে এইটোও কয় যে এনে অসত্য তথ্য কিছুমান সংবাদ মাধ্যমত পৰিৱেশন কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাই যে প্ৰতিবেদনটো সম্পূৰ্ণৰূপে ভুৱা আছিল। কিন্তু চৰকাৰে কোনো বিপদাশংকা ল’ব বিচৰা নাই। গতিকে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এটা বিশেষজ্ঞ দলে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

এমপাৱাৰ্ড গ্ৰুপ অন ভেকচিন এডমিনিষ্টেচন (ক’উইন)ৰ অধ্যক্ষ আৰ.এছ. শৰ্মাই কয়, “গ্ৰাহকৰ তথ্য লিক হোৱাৰ বাতৰিৰ কোনো ভিত্তি নাই।” তেওঁ লগতে কয়, “সামাজিক মাধ্যমৰ জৰিয়তে এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। ক’উইন এপত গ্ৰাহকসকলৰ ওচৰত থকা তথ্যসম্পূৰ্ণৰূপে সুৰক্ষিত। “

ক’উইন এপৰ নিৰাপত্তাসম্পৰ্কে প্ৰশ্ন উঠাত যোৱা মাহত কেন্দ্ৰয় জনাইছিল, এই এপটো অতি নিৰাপদ আৰু সুৰক্ষিত । টিকাকৰণৰ তথ্য ই হওঁক বা গ্ৰাহকৰ যিকোনো তথ্যই হওঁক, একো অসুৰক্ষিত নহয়। এই এপ্পটো হেক কৰা টো সম্ভৱ নহয়।

Exit mobile version