তৃণমূল ভৱনৰ পথত মুকুল ৰায়

MukulRoy Mamatajpg

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা তৃণমূলৰ স’তে দূৰত্ব বাঢ়িছিল মুকুল ৰায়ৰ ৷ মমতাৰ স’তে দীৰ্ঘদিনীয়া সম্পৰ্কও ছিন্ন কৰিছিল মুকুল ৰায়ে৷ তৃণমূলৰ স’তে সম্পৰ্ক ভংগ কৰি ২০১৭ চনত মুকুল ৰায়ে বিজেপিত যোগদান কৰিছিল৷

কিন্তু ৰাজনীতিত একো স্থায়ী নহয়৷পুৰণি সেই কথা সঠিক প্ৰমাণ কৰি তিনি বছৰৰ পাছত পুনৰ চল্টলেকত থকা ঘৰৰ পৰা ওলাই গৈ তৃণমূল ভৱনলৈ ৰাওনা হয় মুকুল ৰায়৷

আনহাতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কনভয়ও কালীঘাটৰ ঘৰৰ পৰা ওলাই প্ৰায় একে সময়তে তৃণমূল ভৱন অভিমুখে আগবাঢ়ে৷ ইয়াৰ পূৰ্বে মমতাৰ স’তে পৃথক বৈঠকত বহিছিল মুকুল।

২০১৭ চনৰ ছেপ্টেম্বৰত মুকুল ৰায়ে তৃণমূল ত্যাগ কৰিছিল৷ তাৰ প্ৰায় পাঁচ মাহ আগতে তেওঁ তৃণমূল ভৱনলৈ যোৱা বন্ধ কৰিছিল৷ ফলত মুকুলে প্ৰায় চাৰি বছৰৰ পাছত তৃণমূল ভৱনত ভৰি দিয়ে৷

মুকুল ৰায়ে তৃণমূলত যোগদান কৰিব বুলি যোৱা কেইদিনমান ধৰি খবৰটো চলি আছে কিন্তু আজি ৰাতিপুৱাৰ আগতে কোনো নিশ্চিত খবৰ পোৱা নাছিল৷ কিন্তু তলে তলে দুয়োপক্ষৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল৷ আজিৰ দিনটোত কলকাতা আৰক্ষীৰ গাড়ী এছকৰ্ট কৰি নিৰাপত্তা দি মুকুল ৰায়ক চল্ট লেকত থকা তেওঁৰ ঘৰৰ পৰা তৃণমূল ভৱনলৈ লৈ যায়৷

আজিৰ দিনটোত ৰাজ্যিক আৰক্ষীৰ নিৰাপত্তাও তেওঁৰ স’তে দেখা পোৱা গৈছে৷ ৰয় পুত্ৰ শুভ্ৰাংশুও তেওঁৰ স’তে তৃণমূল ভৱনলৈ গৈছে৷ আজিৰ দিনটোতে মুকুল ৰায়ৰ যোগদান উপলক্ষে তৃণমূল ভৱনত অভিষেক বেনাৰ্জীকে ধৰি শীৰ্ষ তৃণমূল নেতাও উপস্থিত থাকিব৷

Exit mobile version