২০ জুলাইত মহাকাশলৈ উৰা মাৰিব বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি জেফ বেজ’ছে

1 2

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা এমেজনৰ মুখ্য কার্যবাহী বিষয়া জেফ বেজ’ছে অচিৰে তেওঁৰ শৈশৱৰ এটি স্বপ্ন পূৰণ কৰিব।

ADVERTISEMENT

অহা ২০ জুলাইত নিজৰ মালিকানাধীন কোম্পানী ব্লু অৰিজিনে নির্মাণ কৰা ৰকেটৰ জৰিয়তে মহাকাশ অভিমুখে যাত্ৰা আৰম্ভ কৰিব এইজন অর্বুদপতিয়ে।

প্রকাশিত বাতৰি অনুসৰি, এই যাত্ৰাৰ সময়ত মাত্র ১১ মিনিট সময় বেজ’ছে মহাকাশত অতিবাহিত কৰিব। বিশ্বৰ সৰ্বাধিক ধনাঢ্য ব্যক্তি বেজ’ছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯০ বিলিয়ন ডলাৰ।

বেজ’ছে নিজৰ কোম্পানীয়ে তৈয়াৰ কৰা ৰকেটৰ জৰিয়তে মহাকাশলৈ উৰা মাৰিব যদিও এই অভিযান যথেষ্ট বিপজ্জনক। এনে অভিযানত অংশ লােৱা মহাকাশচাৰীৰ জীৱনৰ শংকাও থাকে।

স্মর্তব্য যে এনে এক অভিযানতে পূর্বে ভাৰতীয় মূলৰ মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশযানৰে যাত্ৰাৰ সময়ত দুর্ঘটনাত মৃত্যু হৈছিল। চি এন এনৰ বাতৰি অনুসৰি, বেজ’ছে উৰা মাৰিব লগা মহাকাশযানখনে ভূপৃষ্ঠৰ পৰা ১০০ কিলােমিটাৰ উচ্চতালৈ যাত্ৰা কৰিব।

Exit mobile version