কৰণৰ ছবিত ইটালীৰ তাৰকা

365 days here are some unknown facts about michele morrone aka massimo torricelli internets new obsession 001

প্রযােজক-পৰিচালক কৰণ জোহৰৰ ছবিত এইবাৰ দেখা যাব ইটালীৰ এজন তাৰকাক। ইটালীৰ অভিনেতা, গায়ক তথা মডেল মিকেলে ম’ৰ’নেক দেখা পােৱা যাব কৰণৰ ছবিত।

ইতিমধ্যেই মিকেলেৰ স’তে প্রাথমিক কথা-বতৰা আৰম্ভ হৈছে। বলিউদৰ সূত্রই জনােৱা মতে, কৰণে নিজৰ প্রযােজনা সংস্থা ‘ধর্মা প্ৰডাকচন’ৰ ডিজিটেল শাখা ‘ধর্মাটিক এণ্টাৰটেইনমেণ্ট’ৰ দ্বাৰা নিৰ্মাণ কৰিবলগীয়া এখন ছবিৰ বাবে ইটালীৰ তাৰকাজনক বিচাৰিছে।

যােৱা বছৰ নেটফ্লিক্সৰ ‘৩৬৫ ডেজ’ ছবিৰ সুবাদত বিশ্বব্যাপী খ্যাতি অর্জন কৰে মিকেলেই। ইৰ’টিক ৰােমান্স’ ঘৰণাৰ ছবিখনত তেওঁ এজন চিচিলীয় ডনৰ চৰিত্ৰত অভিনয় কৰিছিল। ডিজিটেল প্লেটফৰ্মত ছবিখনে পলিছ, ইটালীয় আৰু ইংৰাজী ভাষাত মুক্তি পাইছিল।

ছবিখনক মিকেলেৰ সুগঠিত চেহেৰা, মুগ্ধকৰ অভিনয়ে বহু দর্শকৰ হৃদস্পন্দন বৃদ্ধি কৰিছিল। বিশ্বৰ আন্যান্য স্থানৰ সমান্তৰালকৈ ভাৰততাে তেওঁৰ অনুৰাগীৰ সংখ্যা সম্প্রতি বৃদ্ধি পাইছে। সেই সুযােগ গ্রহণ কৰিয়ে কৰণে তেওঁৰ ছবিত ইটালীৰ সুদর্শন অভিনেতাজনক অভিনয় কৰাব বিচাৰিছে।

Exit mobile version