শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চকলেট খাই ভাল পায়।ইয়াৰ মাজতে বহুতৰে মনত ধাৰণা হয় যে চকলেট স্বাস্থ্যৰ বাবে অপকাৰী। কিন্তু এই ধাৰণা বিজ্ঞানীসকলৰ গৱেষণাত ভুল বুলি বিবেচিত হৈছে। গৱেষকসকলৰ মতে, চকলেটত আছে নানা উপকাৰী গুণ।চকলেট খোৱাটো স্বাস্থ্যৰ পক্ষে লাভদায়ক যদিও অতিমাত্ৰা ব্যৱহাৰ হানিকাৰক হ’বও পাৰে। ইয়াৰ উপৰি কম চেনিযুক্ত আৰু ডাৰ্ক চকলেটহে স্বাস্থ্যৰ বাবে অধিক উপকাৰী।
ষ্ট্ৰোক সম্ভাৱনা হ্ৰাস কৰে
গৱেষণা অনুসৰি সপ্তাহত গড়ে ৪৫ গ্ৰাম চকলেট খোৱাৰ অভ্যাসে ২০ শতাংশ পৰ্যন্ত ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে চকলেটত থকা ফ্লেভ’নইড নামৰ এণ্টিঅক্সিডেণ্টবিধে ষ্ট্ৰোকৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
হাৰ্ট এটেকৰ শংকা হ্ৰাস কৰে
ৰক্তচাপ নিয়ন্ত্ৰণত ভূমিকা আছে চকলেটৰ। তেজৰ প্লেটলেটৰ কাম অতি সহজে হয় চকলেট গ্ৰহণকাৰীৰ ক্ষেত্ৰত। এইদৰে হ্ৰাস কৰে হাৰ্ট এটেকৰ সম্ভৱনা।
ছালৰ বাবে উপকাৰী
বিজ্ঞানীসকলৰ মতে ডাৰ্ক চকলেটত থকা ফ্লেভ’নইড-এ ছালৰ সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰা এণ্টিবডী তৈয়াৰ কৰে।
কাহৰ উপশমৰ বাবে আদা, লং, চাহ আদিৰ সহায় লোৱা হয় যদিও চকলেটে এইক্ষেত্ৰত যথেষ্ট সুফল দিব পাৰে। চকলেটত থকা থিঅ’ব্ৰমিন নামৰ উপাদান বিধে মস্তিষ্কৰ ভেগাছ নামৰ স্নায়ুবিধৰ কাম কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। এই স্নায়ুবিধে কাহৰ সংকেত প্ৰেৰণ কৰে।
চকলেটে এজন লোকৰ আয়ুস দুবছৰ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। পৃথিৱীত সৰ্বাধিক বয়সীয়া ব্যক্তি জেনি লুইচ কেলমেণ্টৰ মৃত্যু হৈছিল ১২২ বছৰ বয়সত। তেওঁ দৈনিক চকলেট খাইছিল।