বিশ্বজুৰি উন্নতমানৰ স্বাস্থ্য পৰিকাঠামো গঢ়ি তোলাৰ বাৰ্তা দি জি-৭ বৈঠকত ‘এক বিশ্ব এক স্বাস্থ্য’ নীতিৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শনিবাৰে এই তেওঁ বৈঠকত ভাৰ্চুৱেলী যোগ দিয়ে । জি-৭ৰ সদস্য নহয় যদিও, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণত বৈঠকত যোগ দিয়ে ভাৰতে ।
ক’ভিডৰ দ্বিতীয় ঢৌত দেশজুৰি স্বাস্থ্য পৰিকাঠামো অনিয়ন্ত্ৰিত হৈ পৰোতে বিশ্বৰ একাধিক দেশে সাহায্যৰ হাত আগবঢ়াইছিল । এই বিষয়টো উল্লেখ কৰি জি-৭ৰ অন্তৰ্ভুক্ত দেশসমূহক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে যিসমূহ বিষয়ত অধিক জোৰ দিছিল, সেইসমূহ বিষয় উল্লেখ কৰি এক বিবৃতি প্ৰকাশ কৰিছে কেন্দ্ৰই ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজনীয় কেঁচামাল আৰু অন্যান্য সৰঞ্জামৰ সৰবৰাহ অটুট ৰাখিব লাগে যাতে, ভাৰতৰ দৰে দেশবোৰে প্ৰতিষেধৰ উৎপাদন বৃদ্ধি কৰিব পাৰে । ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতে যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, তাক বিশ্ব মঞ্চত দাঙি ধৰিবলৈ ইচ্ছাও প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, যাতে বিশ্বৰ অন্যান্য উন্নয়নশীল দেশসমূহে এইবোৰৰ দ্বাৰা উপকৃত হ’ব পাৰে ।
জি-৭ বৈঠকত ভাৰতৰ লগতে, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়াক আমন্ত্ৰণ জনাইছিল ব্ৰিটেইনে । সোমবাৰেও জি-৭ সন্মীলনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।