নিশা ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ গুলিচালনা, ছয় ৰাউণ্ড গুলিচালনা কৰে ধুবুৰী আৰক্ষীয়ে

গৰুৰ চোৰাং কাৰোবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গুলিচালনা

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সময়তে নদী পথেৰে পুনৰ গৰুৰ চোৰাং সৰবৰাহ আৰম্ভ হৈছে । মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই গৰুৰ চোৰাং কাৰোবাৰ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশনা দিয়াৰ পাছতো চলিছে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ। একপ্ৰকাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই নতুন নতুন কৌশল অৱলম্বন কৰি চোৰাং বেপাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছে ।

যোৱা নিশা ধুবুৰী আৰক্ষীৰ এটা দলে নদী পথত টহল দি থাকি চলোৱা অভিযানত জব্দ হয় ৩৪ টাকৈ চোৰাং গৰু। ধুবুৰীৰ বিৰসিং জৰুৱা এলেকাৰ নদী পথেৰে এখন যন্ত্ৰ চলিত নাৱেৰে গৰুবোৰ বাংলাদেশলৈ চালান দিয়াৰ উদ্দেশ্যে লৈ যোৱা হৈছিল। যন্ত্ৰ চলিত নাৱৰ ইঞ্জিন বন্ধ কৰি নিস্তব্ধ হৈ বাংলাদেশৰ পিনে যাত্ৰা কৰা গৰু ভৰ্তি নাও প্ৰত্যক্ষ কৰি নাওখন ৰখাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে। যদিও চোৰাংকাৰীসকলে তীব্র গতিত নাওখন লৈ যাবলৈ আৰম্ভ কৰে।

ধুবুৰী আৰক্ষীৰ দলটোৱে নাওখন ৰখাবলৈ ছয় জাই গুলিচালনা কৰে। ইপিনে গৰুৰ নাওখনৰ তলৰ কিছু অংশ খহি পৰাত নাওখনৰ গতি কমি আহে। তাৰ পাছতেই নাৱত থকা গৰুৰ বেপাৰী আৰু নাৱৰীয়াই নদীত জাপ দি পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক গৰুবোৰ জব্দ কৰি গো শালাত ৰখাৰ ব্যৱস্থা কৰে।

Exit mobile version