সৌৰভ গংগোপধ্যায়ৰ উদ্যোগত আৰম্ভ হ’ল বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ

1623579807 sourav ganguli

কৰ’না পৰিস্থিতিত আক্ৰান্তসকলক সহায় কৰিবৰ বাবে অক্সিজেনৰ ব্যৱস্থা কৰিছিল । এইবাৰ অভাৱী লোকৰ বাবে বিনামূলীয়া ক’ভিড প্ৰতিষেধৰ ব্যৱস্থা কৰিলে সৌৰভ গংগোপধ্যায়ে । দেওবাৰে পুৱা তেওঁৰ দপ্তৰত আৰু সৌৰভ গাংগুলী ফাউণ্ডেছনৰ উদ্যোগত চহৰৰ এখন ব্যক্তিগত হাস্পতালৰ স’তে যোগ হৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হয় । তেওঁ ১৫০ গৰাকী লোকক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ ব্যৱস্থা কৰে । পৰৱৰ্তী সময়ত এই সংখ্যা আৰু বৃদ্ধি হ’ব ।

সংযুক্ত আৰৱ আমিৰশ্বাহিত আইপিএল-ৰ দ্বিতীয় পৰ্ব সুস্থভাৱে আয়োজন কৰিবৰ বাবে কিছুদিন মৰু চহৰত আছিল সৌৰভ । আজি পুৱাই কলিকতালৈ উভতি আহে । তেওঁলোকৰ বেহালাৰ গৃহত সংলগ্ন দপ্তৰত এই প্ৰতিষেধক শিবিৰ আয়োজন কৰা হৈছিল । দুখীয়াসকলৰ লগতে ক’মৰ্বিডিটী থকা লোকসকলকো প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ সন্দৰ্ভত সৌৰভে কয়, ‘মোৰ দপ্তৰৰ ল’ৰা-ছোৱালীবোৰে এই কাম কৰিছে । অতি ভাল পদক্ষেপ । এইটো অতি গুৰুত্বপূৰ্ণ কাম । কাৰণ এই সময়ত সকলোকে প্ৰতিষেধকৰ প্ৰয়োজন ।’

Exit mobile version