গোসাঁইগাঁও সেৱাকুঞ্জ মহাৰাজপুৰত নেচনেল মেদিক’জ অৰ্গেনাইজেচনৰ দ্বাৰা ৰক্তদান দিৱস অনুষ্ঠিত

WhatsApp Image 2021 06 14 at 4.18.56 PM 1

আজি ১৪ জুন বিশ্ব ৰক্তদান দিৱস, সৰ্গীয় অমপ্ৰকাশ চতুৰ্বেদী দেৱৰ স্মৰণত সংগতি ৰাখি গোসাঁইগাঁও সেৱাকুঞ্জ মহাৰাজপুৰত নেচনেল মেদিক’জ অৰ্গেনাইজেচনৰ দ্বাৰা আয়োজিত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত ৰাজ্যজুৰি স্বেচ্ছামূলক শিবিৰৰ আয়োজন কৰা ৰক্তদান শিবিৰত অনুষ্ঠিত হয়।

আজিৰ এই ৰক্তদান দিৱস অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমূখ শ্ৰীযুত ৰথীন্দ্ৰ সিংহ, বিভাগ কাৰ্যভাৰ শ্ৰীযুত শতদল কুণ্ডু লগতে কৰ্ম কৰ্তাসকল।

উক্ত ৰক্তদান দিৱসৰ অনুষ্ঠানত উপস্থিত হৈ বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ভাৰত মাতৃৰ ছবিত বন্তি প্ৰজলন কৰি প্ৰণাম কৰে আৰু বৃক্ষ ৰোপন কৰাৰ লগতে নিজে ৰক্তদান কৰি যুৱ প্ৰজন্মক ৰক্তদানেৰে কাৰোবাৰ জীৱন বচাবলৈ উৎসাহিত কৰে।

Exit mobile version