বিটিআৰত স্বাস্থ্য বিভাগ সম্পুর্ণৰূপে ব্যৰ্থ এই অভিযোগ এজন দুৰ্ভগীয়া ৰোগীৰ

WhatsApp Image 2021 06 15 at 6.20.23 PM

কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ বাসিন্দা ৰাজবাহাদুৰ মগৰ কুষ্ঠ ৰোগত আক্রান্ত হোৱাৰ পাছত বিভিন্ন চিকিৎসালয় চিকিৎসা কৰাৰ অন্তত দোতমা সমূহীয়া চিকিৎসালয়ত বিগত কেইবাদিনৰ পৰা চিকিৎসা লাভ কৰি আৰোগ্য লাভ কৰে।

ছালাকাটিৰ বাসিন্দা ৰাজবাহাদুৰ মগৰে যোৱা কেবাবছৰৰ আগত বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ চহৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসা লাভ কৰাৰ পাছত স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰোগীজনে।

দোতমা সমূহীয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী ৰাজবাহাদুৰ মগৰে সাংবাদিকৰ সাক্ষাৎকাৰত জনোৱা অনুসৰি কুষ্ঠ ৰোগত আক্রান্ত হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে গাওঁৰ ৰাইজে ৰাজবাহাদুৰ মগৰৰ পৰিয়ালৰ লগতে যোগাযোগ বন্ধ কৰি দিয়াৰ উপৰিও কুষ্ঠ ৰোগত আক্রান্ত ৰাজবাহাদুৰ মগৰৰ মাতৃক এনটিপিসি ৰ এজন অভিযন্তাৰ ঘৰত কাম কৰি থকাৰ পৰাও অব্যাহতি দিয়ে।

ইয়াৰ পাছত ৰোগাক্ৰান্ত ৰাজবাহাদুৰ মগৰৰ পৰিয়ালটো চলাত বহুত কষ্ট হয় বুলিও উল্লেখ কৰে । কুষ্ঠ ৰোগত আক্রান্ত ৰোগী ৰাজবাহাদুৰ মগৰে উন্নত চিকিৎসাৰ পৰা বিৰত হোৱাত বিটিআৰৰ স্বাস্থ্য বিভাগ সম্পুর্ণভাবে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

ইপিনে দোতমা সমূহীয়া স্বাস্থ্যকেন্দ্রৰ উপ অধীক্ষক তথা চিকিৎসক বলোৰাম বৰ্মনে চিকিৎসা কৰি ৰোগীজনক ৮০ শতাংশতকৈ অধিক সুস্থ কৰিছে বুলি ৰোগীজনে জানিব দিয়ে। লগতে দোতমা সমূহীয়া স্বাস্থ্যকেন্দ্রৰ উপ অধীক্ষক ডক্টৰ বলোৰাম বৰ্মনে কয় যে,”আজি একবিংশ শতিকাতো ৰাইজে অন্ধবিশ্বাসৰ দৰে কুসংস্কাৰৰ বলি হৈছে।

কিন্তু বাস্তৱত কুষ্ঠ ৰোগ অস্পৃশ্য ৰোগ নহয়। তাৰ প্ৰমান মোৰ ঘৰতে কুষ্ঠ ৰোগত আক্রান্ত হৈ শাৰিৰীক ভাবে বহুত খতিগ্রস্থ এজন ব্যক্তি বিগত ২০ বছৰৰ পৰা ঘৰুৱা কামকাজ কৰি আছে। মই ভাবো যে ছালাকাটিত হোৱা ঘটনাটোত সজাগতাৰ প্ৰয়োজন আছে। এই ঘটনাটোত মই অত্যন্ত দুঃখিত হৈছো। যদি স্বাস্থ্য বিভাগ বা সাধাৰণ ৰাইজে তাত কুষ্ঠ ৰোগ সম্পৰ্কে সজাগতা সভাৰ আয়োজন কৰে মইয়ো তাত উপস্থিত থাকি কুষ্ঠ ৰোগৰ সম্বন্ধে সজাগতা আনিবলৈ চেষ্টা কৰিম।”

Exit mobile version