ৰূপ সলনি কৰিছে কৰ’নাৰ ডেল্টা প্ৰজাতি, নতুন ৰূপৰ নাম ‘ডেল্টা প্লাছ’

কৰ’নাৰ ডেল্টা প্ৰজাতিটোৱে ক্ৰমান্বয়ে ইয়াৰ ৰূপ সলনি কৰি আছে। ডেল্টা প্ৰজাতিৰ নতুন এই ৰূপটোৰ নাম হৈছে ‘ডেল্টা প্লাছ’ বা ‘এৱাই.১’।

দাবী কৰা হৈছে যে ডেল্টাৰ এই পৰিৱৰ্তিত ৰূপৰ বিৰুদ্ধে মনোক্ল’নেল এণ্টিবডী ককটেল চিকিৎসাও কাৰ্যকৰী নহ’ব।

Outlook.info অনুসৰি আমেৰিকা, কানাডা, ব্ৰিটেইন, ৰাছিয়া, জাপান, পৰ্তুগাল, পোলেণ্ড, তুৰস্ক, নেপাল আৰু চুইজাৰলেণ্ডতো পোৱা গৈছে কৰ’নাৰ ডেল্টা প্ৰজাতিৰ পৰিৱৰ্তিত ৰূপ ।

যোৱা মে মাহত, বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত কৰ’নাৰ এটা নতুন প্ৰজাতিৰ নাম দিছিল ডেল্টা। যাক বি.১.৬১৭.২ বুলিও জনা যায়। ভাৰতৰ কৰ’নাৰ দ্বিতীয় ঢৌৰ আঁৰত আছে ডেল্টাৰ এই প্ৰজাতি। পুনেৰ এণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স এডুকেশ্বন এণ্ড ৰিচাৰ্ছৰ বিশেষজ্ঞ বিনীতা বলে জনাইছে যে ডেল্টাৰ এই নতুন ৰূপ কিমান সংক্ৰামক আৰু কিমান দ্ৰুতগতিত বিয়পে সেয়া চোৱাৰ বিষয়।

আনহাতে, চিএছআইআৰ-আইজিআইবিৰ সঞ্চালক চিকিৎসক অনুৰাগ আগৰৱালে কয় যে সম্পূৰ্ণ টিকাকৰণ থকা লোকসকলৰ পৰা প্লাজমা লৈ পৰীক্ষা কৰি চাব লাগে যাতে এইটো জানিব পাৰে যে ডেল্টাৰ পৰিৱৰ্তিত ৰূপৰ বিৰুদ্ধে প্ৰতিৰোধ বিকশিত কৰিবলৈ কিমান ভালদৰে সক্ষম হয়।

Exit mobile version