দেশৰ ৩৮ খন বিশ্ববিদ্যালয়ক অনলাইন পাঠ্যক্রম প্রৱর্তনৰ অনুমতি ইউ জি চিৰ

senior school teacher surekha patra taking an online class

বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ দেশৰ ৩৮ খন বিশ্ববিদ্যালয়ক অনলাইন ডিগ্রী পাঠ্যক্রম প্রৱর্তনৰ অনুমতি দিলে। এইসমূহ বিশ্ববিদ্যালয়ে এতিয়াৰে পৰা অনলাইন স্নাতক পাঠ্যক্রম পৰিচালনা কৰিব পাৰিব।

ইউ জি চিয়ে অনলাইন ডিগ্রী পাঠ্যক্রম প্ৰৱৰ্তনৰ বাবে অনুমতি দিয়া বিশ্ববিদ্যালয়ৰ তালিকাত ১৫ খন ডিমড বিশ্ববিদ্যালয়, ১৩ খন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু তিনিখন কেন্দ্রীয় বিশ্ববিদ্যালয় আছে।

তদুপৰি অ’ পি জিণ্ডাল গ্ল’বেল ইউনিভাৰচিটী, চণ্ডীগড় ইউনিভাৰচিটী আৰু মণিপাল ইউনিভাৰচিটীসহ তিনিখন ব্যক্তিগত বিশ্ববিদ্যালয়েও অনলাইন স্নাতক পাঠ্যক্রম প্রৱর্তনৰ অনুমতি লাভ কৰিছে।

ইউ জি চিয়ে এইসমূহ বিশ্ববিদ্যালয়ক মুঠ ১৭১ টা বিষয়ত স্নাতক অনলাইন পাঠ্যক্ৰমৰ অনুমতি দিছে। এইসমূহ বিশ্ববিদ্যালয়ৰ সর্বাধিক ১১ খন হৈছে তামিলনাডুৰ। জামিয়া মিলিয়া ইছলামীয়াই শিক্ষাতত্ত্ব আৰু পাব্লিক এডমিনিষ্ট্রেচন বিষয়ত স্নাতকোত্তৰ অনলাইন পাঠ্যক্ৰমৰাে অনুমতি লাভ কৰিছে।

Exit mobile version