যোৱা ১১ জুন তাৰিখে শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত শালবাৰী অভয়াকুটিত দুই নাবালিকা কিশোৰী শমাইনা ৰাভা আৰু ৰবিতা ৰাভাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কোকৰাঝাৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে ।
ADVERTISEMENT
আজি এক প্ৰেছ বিবৃতিযোগে আমছুৰ কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি আমিনুৰ ইছলাম আৰু সম্পাদকদ্বয় আব্দুল লতিফ আৰু আতাউৰ ৰহমানে উক্ত ধৰ্ষণ কাণ্ডত জড়িতসকলক অতি শীঘ্ৰে ফাঁচিৰ দাবী উত্থাপন কৰে ।
লগতে আমছুৰ কোকৰাঝাৰ জিলা কমিটিয়ে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উক্ত ঘটনাস্থলিত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছে আৰু এনে ঘটনা যাতে দুনাই নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ হোৱাৰ বাবে আহ্বান জনাইছে ।