ভাওঁৰাগুৰী ৰাজহ চক্রৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত সকলো বিভাগৰ বিষয়াৰ স’তে সভা অনুষ্ঠিত

WhatsApp Image 2021 06 17 at 7.06.47 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাওঁৰাগুৰীত ভাওঁৰাগুৰী ৰাজহ চক্রৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত সকলো বিভাগৰ বিষয়াক লৈ এখন সভা অনুষ্ঠিত হয় ।

ADVERTISEMENT

উক্ত সভাত ক’ভিড-১৯, বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰে ভাওঁৰাগুৰী ৰাজহ চক্রৰ বিষয়া চৈতালী দত্ত‌ই । লগতে সকলো বিভাগৰ বিষয়াসকলক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।

উক্ত সভাত উপস্থিত থাকে ভাওঁৰাগুৰী ৰাজহ চক্রৰ বিষয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া, কৃষি বিভাগৰ বিষয়া, জলসিঞ্চন বিভাগৰ বিষয়া, গড়কাপ্তানি বিভাগৰ বিষয়া, হস্ততাত বস্ত্র শিল্প বিভাগৰ বিষয়া, ৰেচম পলু বিভাগৰ বিষয়া, শিক্ষা বিভাগৰ বিষয়া,অগ্নিনির্বাপক আৰু আপাতকালিন বিভাগৰ বিষয়া ।

Exit mobile version