ক’কা-কলাৰ পুৰণি বিজ্ঞাপনত ৰ’নাল্ড’ !

Ronaldo coca cola ad 1

ৰ’নাল্ড’-ক’কা-কলা বিতৰ্কৰ মাজত ভাইৰেল হ’ল কোম্পানীটোৰ এটা পুৰণি বিজ্ঞাপন । য’ত ৰ’নাল্ড’ক দেখা গৈছে হাতত ক’কা-কলা কেন লৈ থকা ।

ভাইৰেল হৈ পৰিছে কেএফচিৰ আন এটা বিজ্ঞাপন আৰু ই বিয়পি পৰাৰ লগে লগে, ‘হিপ্প’ক্ৰিচি’ক লৈ ৰ’নাল্ড’ৰ বিৰুদ্ধে সৰৱ হৈছে সামাজিক মাধ্যমৰ একাংশ ।

ঘটনাৰ সূত্ৰপাত ইউৰো কাপত পৰ্তুগাল বনাম হাংগেৰী খেলৰ পূৰ্বে এখন সংবাদমেলত হৈছিল । তেওঁ পানী বিচাৰি মেজৰ সন্মুখত ৰখা ক’কা-কলাৰ দুটা বটল আঁতৰাই দিলে ।

ফলস্বৰূপে, প্ৰায় ৩৩ হেজাৰ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হয় কোম্পানীটো । কিন্তু ভাইৰেল হোৱা পুৰণি বিজ্ঞাপনটো হৈছে ২০০৬ ত জাৰ্মানীত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ।

য’ত তেওঁক দেখা গৈছে ক’কা-কলাৰ এটা কেনৰ স’তে ফুটবল খেলি থকা । বিশ্বকাপ ট্ৰফীৰ স’তে শেষ হয় সেই বিজ্ঞাপন ।এই বিজ্ঞাপন শ্বেয়াৰ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ একাংশই পৰ্তুগাল অধিনায়কৰ বিৰোধিতা কৰিছে ।

বহুতে খেলুৱৈজনক সহযোগ কৰিছে । এইবাৰ সাংবাদিক সন্মিলন চলাকালীন স্পনছৰ আইটেম আঁতৰোৱাক লৈ জৰিমনাও ভৰিবলগীয়া হ’ব পাৰে বুলি জনায় ইউইএফ‌এ-য়ে ।

Exit mobile version