গোসাইগাঁৱৰ সাত বিলত ঋণগ্ৰস্ত মহিলাৰ ক্ষোভ

WhatsApp Image 2021 06 18 at 7.00.27 PM 2

বিগত নিৰ্বাচনৰ পূৰ্বে ড° হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ ফাইনেন্সৰ সকলো ঋণ ৰেহাই কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰ গঠন কৰাৰ পাছত ঋণ ৰেহাই দিয়াৰ বাবে কেতবোৰ নীতি-নিয়ম বান্ধি দিয়াত জাঙুৰ খাই উঠিছে মহিলাসকল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোসাইগাঁৱতো ঋণ লোৱা মহিলাসকলে প্ৰতিশ্ৰুতি মতে কোনো নীতি নিৰ্দেশনা অবিহনে ঋণ ৰেহাই দিয়াৰ দাবী কৰিছে ৷

গোসাইগাঁৱৰ মহকুমাৰ অন্তৰ্গত সাতবিল প্ৰথম খণ্ডত আজি ঋণগ্ৰস্ত মহিলাই ঋণ ৰেহাই দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহিলাসকলে ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নীতি-নিয়ম নচলিব, প্ৰতিশ্ৰুতি মতে ঋণ ৰেহাই দিয়ক, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব, চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰক আদি শ্লোগান দি আকাশ-বতাহ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী মহিলাসকলে মুখ্যমন্ত্ৰী ড° শৰ্মাই নিৰ্বাচনৰ পূূূূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে । দুখীয়া মহিলাসকলক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে মহিলাসকলে কোনোধৰণৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো গাইড্‌লাইল তেওঁলোকে নামানে অন্যথা মহিলাসকলে ভয়ংকৰ আন্দোলন কৰি তুলিব বুলি মুখ্যমন্ত্ৰীগৰাকীক সঁকিয়াই দিয়ে ।

Exit mobile version