জুলাইত খুলিব প্রেক্ষাগৃহ ! কেতিয়া মুক্তি লভিব অক্ষয়, ৰণবীৰৰ ছবিয়ে ?

83595881

কৰ’নাৰ দ্বিতীয়টো টৌ প্ৰতিৰােধ কৰিবলৈ সমগ্র দেশতে তলাবন্ধ, সান্ধ্যআইন আদি অব্যাহত আছে। সংক্রমণৰ প্রথম ঢৌৰ পাছত তলামুক্ত হােৱাত দেশৰ চিত্ৰগৃহৰ দুৱাৰ দৰ্শকৰ বাবে খােল খাইছিল।

কিন্তু পুনৰ তলাবন্ধ হােৱাত বর্তমানে দেশৰ প্ৰায়বােৰ অঞ্চলতে চিত্ৰগৃহ বন্ধ হৈ আছে। এতিয়া দেশত ক’ভিডৰ সংক্রমণ লাহে লাহে হ্রাস পাবলৈ ধৰিছে আৰু একাধিক ৰাজ্যই তলাবন্ধ পর্যায়ক্রমে প্রত্যাহাৰ কৰিছে।

লাহে লাহে চিত্ৰগৃহৰ দুৱাৰ পুনৰ খােল খাব বুলি আশা প্রকাশ কৰিলে বলিউডৰ মহাতাৰকা অভিনেতা অক্ষয় কুমাৰে। অভিনেতাজনৰ পৰৱর্তী ছবি ‘বেল বটম’ৰ মুক্তিৰ দিন ঘােষণা কৰিলে নির্মাতাই।

সকলাে ঠিকে থাকিলে অহা ২৭ জুলাইত এইখন ছবিৰ চিত্ৰগৃহত মুক্তি হ’ব পাৰে। উল্লেখ্য যে প্রায় ডেৰ বছৰ ধৰি দেশৰ চিত্ৰগৃহসমূহ বন্ধ হৈ থকাৰ ফলত বলিউডৰ বৃহৎ পৰিমাণৰ আর্থিক ক্ষতি হৈছে।

নির্মাণ সম্পূর্ণ হােৱাৰ পাছতাে দিনৰ পাছত দিন ধৰি মুক্তিৰ অপেক্ষাৰত হৈ আছে ৰােহিত শেট্টী পৰিচালিত ‘সূর্যবংশী’, জন আব্রাহামৰ ‘এটেক’ আৰু ৰণবীৰ সিঙৰ ‘৮৩’ ছবিকেইখনে। বলিউডৰ বিগ বাজেটৰ ছবি হিচাপে এইকেইখন ছবিৰ প্রতি দর্শকৰ এক বিশেষ কৌতূহল আছে।

প্রকাশিত বাতৰি অনুসৰি, ১৩ আগষ্টত ‘এটেক’ আৰু অহা অক্টোবৰত ‘সূর্যবংশী’ৰ মুক্তি লাভৰ সম্ভাৱনা আছে। নৱেম্বৰত মুক্তি লাভ কৰিব পাৰে “৮৩’ ছবিখনে।

Exit mobile version