দিনটোৰ ৰাশিফল

horoscope weekly march 22 28

মেষ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭, সুখ সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব। কুগ্রহৰ প্ৰভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে। প্রতিকাৰ পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ধালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব।

বৃষ : শুভ সংখ্যা গেৰুৱা, শুভ সংখ্যা ৯, আর্থিক ক্ষতিৰ যােগ আছে। সামান্য কথাতে কাজিয়া হ’ব পাৰে। কোনাে ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰুৱাব পাৰে। প্ৰতিকাৰ ভিক্ষাৰিক ক’লা বস্তু দান কৰিব।

মিথুন :শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬, এইৰাশিৰ জাতকৰ আজি শুভ দিন। যিকোনাে শুভ কাম আৰম্ভ কৰিব পাৰে। নিজৰ ভুলে ক্ষতি কৰিব। আনক উপদেশ দি নিজে সমস্যাত পৰিব। শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব। প্রতিকাৰ ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুওৱাক।

কর্কট : শুভ ৰং ৰঙা, শুভ সংখ্যা ৮, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, আর্থিক-অনাটন দূৰ হ’ব পাৰে। থকা ধন হাতলৈ আহিব। প্রতিকাৰ শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৱা ফুল দি লিংগ পূজা কৰি শিৱ পার্বতীক আৰাধনা কৰিব।

সিংহ : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩, যানবাহন দুর্ঘটনাত পতিত হ’ব পাৰে। শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লােকচান হ’ব পাৰে। প্ৰতিকাৰ এটা পাত্ৰত পানী লৈ সূৰ্য্যলৈ চাই জল অর্পণ কৰিব।

কন্যা :শুভ ৰং নীলা, শুভ সংখ্যা ৫, কর্মস্থআন পৰিৱৰ্তন হ’ব পাৰে। পাৰিবাৰিক কন্দল হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থক শুভ ফলপ্রাপ্তিৰ যােগ। ব্যৱসায়ত শুভ। প্রতিকাৰ অগৰু চন্দন মিহলাই গােটেই ঘৰতে চতিয়াব।

তুলা : শুভ ৰং বগা, শুভ সংখ্যা ২, সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। যুটী ব্যৱসায়ত হাত নিদিব। ব্যৱসায়ত ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ দোৰােন ফুল পাঁচটা পানীৰে পূৰ্ণ পাত্ৰত লৈ সূৰ্য্য লৈ চাই অৰ্পণ কৰিব।

বৃশ্চিক :শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯, সংযম ৰাখি কথা পাতিব। হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব। আনে লােৱা টকা ঘূৰাই পাব। প্রতিকাৰ তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ পদক্ষিণ কৰিব।

ধনু : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭, ঘৰত কোম্বােৰ চাকৰিৰ সম্ভাৱনা আছে। মূৰত আঘাত পাব পাৰে। ব্যৱসায়ত লােকচান হ’ব পাৰে। প্রতিকাৰ হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব।

মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৩, চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব। অপদস্থ হােৱাৰ ভয়। আজি টকা ধাৰলৈ নিদিব। প্রতিকাৰ লােহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব।

কুম্ভ : শুভ ৰং হালধীয়া, সংখ্যা ৪, অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব। প্রতিকাৰ-ঘৰৰ পৰা ওলাই যাওতে সূৰ্য্যক প্রণাম কৰি ওলাব। লগত এটা বেল পাত ৰাখিব।

মীন : শুভ ৰং বেঙুনীয়া, সংখ্যা ৬, হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নােৱাৰে। মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে। কর্মসংস্থান বিচৰাসকলে আজি শেষ্টা কৰক। পাৰিবাৰিক অশান্তি বাঢ়িব। প্রতিকাৰ-ঘৰলৈ অহা যিকোনাে ব্যক্তিক আদৰ কৰি শুশ্রুষা কৰিব পাৰিলে এটা মিঠা ফল খুৱাব।

Exit mobile version