ফকিৰাগ্ৰাম আৰক্ষীৰ কঠোৰ পদক্ষেপ, ক’ভিড প্ৰ’ট’কল ভংগ কৰা মটৰচাইকেল আৰোহীৰ পৰা জৰিমনা সংগ্ৰহ

WhatsApp Image 2021 06 18 at 7.00.27 PM 1

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম থানাৰ অধীনত থকা কিছুসংখ্যক মটৰচাইকেল আৰোহীয়ে ক’ভিড প্ৰ’ট’কল ভংগ কৰাৰ বাবে কঠোৰ হৈ পৰিছে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা । কে’বাদিনৰ পৰা একাংশ মটৰচাইকেল আৰোহীয়ে ক’ভিডৰ নীতি নিয়ম ভংগ কৰি সান্ধ্য আইনৰ সময়ছোৱাতো টিঘিল-ঘিলাই ঘূৰি ফুৰাৰ বাবে আজি ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই একাংশ মটৰচাইকেল আৰোহীক  ধৰি আনি জৰিমনা বিহা  পৰিলক্ষিত হৈছে ।

ADVERTISEMENT

ইতিমধ্যে একাংশ মটৰচাইকেল আৰোহীয়ে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই জৰিমনা বিহাৰ পিছত জৰিমনা প্ৰদান কৰি সস্তিৰ  নিঃশ্বাস পেলাইছে আৰু একাংশই জৰিমনা প্ৰদান কৰি কয় যে, আৰক্ষী বিষয়া অজয় সাহাই জৰিমনা বিহি চৰম উপকৃত কৰিছে । কাৰণ এই দুৰ্যোগৰ সময়ত আমি চৰকাৰৰ ঘৰত কিঞ্চিত হলেও আৰ্থিক অনুদান দিব পাই নিজকে সুখী অনুভৱ কৰিছো ।

Exit mobile version