জনপ্রিয়তাত এতিয়াও শীর্ষতে আছে মােদী, বাইডেন-পুটিনকো কৰিলে অতিক্রম

PM Modi 1623980065090 1623980082925

কৰ’না মহামাৰীৰ দুটাকৈ ঢৌৱে ভাৰতক সবাতােকৈ অধিক ক্ষতিগ্রস্ত কৰাৰ পাছতত নিজৰ জনপ্রিয়তা অটুট ৰাখিবলৈ সফল হ’ল ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্র মােদী।

আমেৰিকাৰ ‘ডেটা ইন্টেলিজেন্স’ প্রতিষ্ঠান ‘মর্ণিং কনচাল্ট’ৰ চলােৱা এক সমীক্ষাত গােলকীয় নেতৃত্বৰ তালিকাত সফল নেতা হিচাপে শীর্ষ স্থান দখল কৰিলে মােদীয়ে।

জনপ্রিয়তাৰ দিশত ১০০ শতাংশৰ ভিতৰত ৬৬ শতাংশ নম্বৰ এই সমীক্ষাত লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্রীজনে।সমীক্ষাটোত আমেৰিকা, ব্রিটেইন, ৰাছিয়া, অষ্ট্রেলিয়া, কানাডা, ব্রাজিল, ফ্রান্স আৰু জাৰ্মানীসহ ১৩ খন দেশৰ নেতাক সামৰি লােৱা হৈছিল।

অৱশ্যে এই সমীক্ষাত উল্লেখ কৰা অনুসৰি, বিগত এবছৰত মােদীৰ জনপ্রিয়তা ২০ শতাংশ হ্রাস পালে। তথাপিও জুনৰ আৰম্ভণিতে চলােৱা এই সমীক্ষাত ৬৬ শতাংশ লােকে মােদীৰ কাম-কাজত প্রশংসা কৰি সন্তুষ্টি প্রকাশ কৰে।

সমীক্ষাটোত ভাৰতৰ ২,১২৬ জন লােকে অংশ লৈছিল। এইসকল লােকৰ ২৮ শতাংশই মােদীৰ জনপ্রিয়তাক অস্বীকাৰ কৰে। সমীক্ষাত বিশ্বৰ জনপ্রিয় নেতা হিচাপে ৬৬ শতাংশ নম্বৰ লাভৰে মােদীয়ে শীর্ষ স্থান লাভ কৰে।

এই সমীক্ষাত দ্বিতীয় স্থানত আছে ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ’ ড্রাঘী আৰু তেওঁ ৬৫ শতাংশ নম্বৰ লাভ কৰে। আনহাতে, ৬৩ শতাংশ নম্বৰ লাভৰে মেক্সিকোৰ প্ৰধানমন্ত্রী ল’পেজ আব্রাড’ৰে তৃতীয় স্থান লাভ কৰে।

মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ৫৩ শতাংশ নম্বৰৰে ষষ্ঠ স্থানত আৰু ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ৪৪ শতাংশ নম্বৰৰে অষ্টম স্থান লাভ কৰে। অষ্ট্রেলিয়াৰ স্কট মৰিছনে চতুর্থ স্থান, জার্মানী এঞ্জেলা মর্কেলে পঞ্চম স্থান তালিকাত লাভ কৰিছে।

Exit mobile version