পাবজি খেলাৰ ভিডিঅ’ত যৌনতাৰ প্ৰলোভনৰ ইংগিত, মাহে উপাৰ্জন ১০লাখ, গ্ৰেপ্তাৰ স্বামী-স্ত্ৰী

933055 pubg 2

পাবজি খেলি ইউটিউবত ভিডিঅ’ আপলোড কৰি মাহে ১০ লাখ টকা উপাৰ্জন কৰে স্বামী আৰু পত্নীয়ে । কেৱল সেয়াই নহয়, তেওঁলোকৰ পাবিজি খেলৰ লগত আছিল যৌনতাৰ প্ৰলোভনৰ ইংগিত । যাৰ বাবে মূলত বৃদ্ধি পাইছে তেওঁলোকৰ দৰ্শক।

ADVERTISEMENT

এই কথা আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে স্বামী আৰু পত্নীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

তথ্য অনুসৰি স্বামী মদন কুমাৰ চেন্নাইৰ বাসিন্দা। দম্পতীহালে পাবজি খেলখন লাইভ ষ্ট্ৰীম কৰে। কিন্তু ভাৰতত পাবজি খেল নিষিদ্ধ। তথাপিও, চেন্নাই আৰক্ষীয়ে তেওঁলোকে কেনেদৰে খেলিছিল তাৰ অনুসন্ধান কৰি আছে।

খবৰ অনুসৰি দম্পতীহালৰ এটা সৰু সন্তানো আছে। পত্নী ক্ৰুতিকা কুমাৰক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু তাৰ পাছত স্বামী মদন কুমাৰক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়।

Exit mobile version