বিশ্বৰ ২৯ খন দেশত সন্ধান লাভ কৰ’নাৰ নতুন প্রজাতি ‘লেমডা’ৰ

covid 19 lambda variant 4 0

কৰ’নাৰ আৰু এটা নতুন প্রজাতিৰ সন্ধান লাভ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই এই কথা প্রকাশ কৰি জনােৱা মতে, দক্ষিণ আমেৰিকাৰ একাধিক দেশৰ লগতে সমগ্র বিশ্বৰ ২৯ খন দেশত বর্তমানলৈকে ক’ভিডৰ ‘লেমডা’ প্রজাতিৰ সন্ধান লাভ কৰা হৈছে।

ADVERTISEMENT

এই প্রজাতিৰ ক’ভিড ভাইৰাছৰ সন্ধান প্রথম পেৰুত লাভ কৰা হৈছিল। পাছত পেৰুৰ পৰা আন দেশলৈ এই ভাইৰাছ সংক্রমিত হােৱা বুলি ধাৰণা কৰা হৈছে। পেৰুত যােৱা এপ্রিলৰ পৰা ৮১ শতাংশ কৰ’না আক্রান্ত ৰােগীৰ শৰীৰত ‘লেমডা’ প্রজাতিৰ সংক্রমণ ধৰা পৰিছিল।

আনহাতে, চিলিত বিগত ৬০ দিনত এই নতুন প্রজাতিত আক্ৰান্তৰ হাৰ হৈছে ৩২ শতাংশ। ব্রাজিলতাে ‘গামা’ৰ তুলনাত ‘লেমডা’ প্রজাতিৰ সংক্রমণ সম্প্রতি অধিক হৈছে। আর্জেন্টিনা, ইকুৱেৰ্ডৰতাে লেমডা সংক্রমণৰ সন্ধান লাভ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ‘লেমডা’ প্রজাতি অধিক সংক্রামক আৰু এইবিধ প্রজাতিয়ে শৰীৰৰ ‘এন্টিবডী’কো দূর্বল কৰিব পাৰে।

Exit mobile version