লালুকৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী ডিম্পল হাজৰিকাৰ কৃতিত্ব, ২৫ টা শব্দত গল্প লিখি অসম বুক অৱ ৰেকৰ্ডছত খিতাপ দখল

WhatsApp Image 2021 06 18 at 7.10.27 PM

সাহিত্য অনুৰাগী ছাত্ৰীগৰাকীৰ অৰ্থৰ অভাৱত অপ্ৰকাশিতভাৱে টেবুলতে পৰি ৰৈছে উপন্যাস ‘দেৱদাৰু নগৰী’, সুহৃদয়বানৰ পৰা সহায়ৰ আহ্বান

 

লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ২ নং ঢেকীয়াজুলিৰ বৈষ্ণৱপুৰ গাঁৱৰ এগৰাকী প্ৰতিভাবান মেধাৱী ছাত্ৰীয়ে শেহতীয়াকৈ ২৫ টা শব্দৰ ভিতৰত এটা গল্প লিখি অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ বৈষ্ণৱপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ধৰ্মকান্ত হাজৰিকা আৰু প্ৰয়াত ৰুনজুন হাজৰিকাৰ কন্যা তথা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ দ্বিতীয় বৰ্ষৰ মেধাৱী ছাত্ৰী ডিম্পল হাজৰিকাই ২৫ টা শব্দৰে দুটা শাৰীত ‘উপহাৰ’ শিৰোনামেৰে এটি সুন্দৰ গল্প লিখি যোৱা ১০ জুনত অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰে ৷

এই সন্দৰ্ভত মেধাৱী তথা প্ৰতিভাসম্পন্ন ছাত্ৰী ডিম্পলে জানিবলৈ দিয়া মতে, অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা যোৱা ১২ জুনত ছাত্ৰীগৰাকীৰ গল্পটোৱে খিতাপ অৰ্জন কৰা বুলি অৱগত কৰে ৷ সম্প্ৰতি অনলাইনৰ জৰিয়তে ছাত্ৰীগৰাকীলৈ অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা স্বীকৃতিপত্ৰ প্ৰদান কৰা বুলি ডিম্পলে জানিবলৈ দিছে ৷

লালুকৰ অতি ভিতৰুৱা অঞ্চলৰ পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকীৰ সাফল্যত অঞ্চলবাসীৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা, লালুক আঞ্চলিক ছাত্ৰ সন্থা, ঢেকীয়াজুলি শাখা ছাত্ৰ সন্থা, লখিমপুৰ জিলা মইনা পাৰিজাত, নেহেৰু মইনা পাৰিজাত,‌ ঢেকীয়াজুলি শাখা সাহিত্য সভা, উত্তৰ লালুক গাঁও পঞ্চায়তৰ পৰিয়াল বৰ্গকে আদি কৰি বিভিন্ন ব্যক্তি বিশেষে ডিম্পলক গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ কৃতিত্বৰ শলাগ লয় ৷

স্থানীয় ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা এইগৰাকী ছাত্ৰীয়ে নিচেই সৰু কালৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰি আহিছে ৷ সাহিত্য ক্ষেত্ৰখনত বিশেষ ব্যুৎপত্তি থকা ছাত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কবিতা, গল্প, উপন্যাস আদি লিখি আহিছে ৷

শেহতীয়াকৈ ছাত্ৰীগৰাকীয়ে একাত্ম সাধনাৰে লিখি উলিওৱা ‘দেৱদাৰু নগৰী’ উপন্যাসখন প্ৰকাশ কৰি উলিয়াব নোৱৰাৰ বাবে টেবুলতে পৰি ৰৈছে ৷ প্ৰতিভাসম্পন্ন তথা উদ্যমী ছাত্ৰীগৰাকীয়ে কয় যে, পিতৃয়ে সৰু-সুৰা ইটো সিটো ব্যৱসায় কৰি যেনেতেনে পৰিয়ালটো পোহপাল দি আছে ৷ অৰ্থৰ অভাৱত উপন্যাসখন প্ৰকাশ কৰি উলিয়াব নোৱৰাৰ বাবে ছাত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰিছে ৷

ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কোনো সুহৃদয়বান লোকক উপন্যাসখনি প্ৰকাশৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷ এই সন্দৰ্ভত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত বৰাই এক বিবৃতি প্ৰেৰণ কৰি জানিবলৈ দিছে যে, ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ জিলাখনলৈকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ লগতে ছাত্ৰ সন্থা আৰু সাহিত্যসভাৰ তৰফৰ পৰা ছাত্ৰীগৰাকীৰ অপ্ৰকাশিত হৈ ৰোৱা উপন্যাসখন প্ৰকাশৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলিও জানিবলৈ দিছে ৷

Exit mobile version