২৪ হেজাৰ বছৰৰ পাছত নিদ্রাভংগ অযৌন জনন পদ্ধতিৰে বংশ বিস্তাৰ কৰিব পাৰে ৰটিফাৰে

Mikrofoto.de Raedertier 14

সাধুকথাত প্রাণীৰ বহু বছৰৰ পাছত নিদ্রাভংগ হােৱাৰ কাহিনী আমি বহুতেই পঢ়িছাে। বাস্তৱতাে কিছু কিছু প্ৰাণীৰ মাজত তেনে ঘটনা দেখা গলেও এই পর্যন্ত স্তন্যপায়ী প্রাণীৰ ক্ষেত্ৰত তেনে কোনাে প্রমাণ পােৱা নাই।

এক প্রজাতিৰ কাছই তিনি- চাৰি বছৰ শুই থাকিব পাৰে। শীতকালত সাপ-বেং আদিৰ নিদ্ৰাৰ কথা প্রায় সকলােৱে জানে। সেইদৰে কিছুমান প্রজাতিৰ মাছেও একো নােখােৱাকৈ বহুদিন শুই কটাব পাৰে। কিন্তু একেৰাহে ২৪ হেজাৰ বছৰ নিদ্রাত থকাটো জানাে সম্ভৱ ?

বিজ্ঞানীসকলক বিস্মিত কৰি সম্প্রতি ২৪ হেজাৰ বছৰৰ পাছত নিদ্রা ভাঙিল এটি ক্ষুদ্রাকাৰ প্ৰাণীৰ। ইমান কাল ধৰি এই ক্ষুদ্র প্রাণীটো জীৱন-মৃত্যুৰ মধ্যৱর্তী দশাত আছিল। সম্প্রতি সুদূৰ উত্তৰ ছাইবেৰিয়াৰ আলাজেয়া নদীৰ কাষৰ পৰা নমুনা সংগ্রহ কৰি এইবিধ প্ৰাণীৰ সন্ধান পায় বিজ্ঞানীসকলে।

এই প্রাণীবিধ হৈছে ৰটিফাৰ প্ৰজাতিৰ। ৰটিফাৰ হৈছে একপ্ৰকাৰৰ আণুবীক্ষণিক জীৱ। এই বহুকোষী প্রাণীবিধৰ অতি ব্যক্রিমী ক্ষমতা আছে। এই জীৱবিধ ১৬৯৬ত প্রথমবাৰলৈ বিচাৰি পাইছিল জন হেৰিছ নামৰ এজন বিজ্ঞানীয়ে। ৰটিফাৰ সর্বাধিক আধা মিলিমিটাৰ দীঘল হ’ব পাৰে।

প্ৰধানকৈ সুস্বাদু পানীতে এইবিধ জীৱ দেখা যায়। ইহঁতৰ মুখৰ কাষত চকৰিৰ দৰে অংশ থকাৰ বাবে হুইল প্রাণী বুলিও কোৱা হয়। প্রতিকূল পৰিৱেশত এইবিধ প্রাণীয়ে নিজৰ সকলাে জৈৱিক ক্রিয়া স্বেচ্ছাই বন্ধ ৰাখিব পাৰে। এইদৰে সিহঁতে মৃতদেহৰ দৰে দীর্ঘদিন থাকি যাব পাৰে।

এইবিধ জীৱৰ বহু বছৰ নিদ্ৰাৰত অৱস্থাত থকাৰ প্ৰমাণ এয়াই প্রথম নহয়। ইয়াৰ পূর্বেও বিজ্ঞানীসকলে এই প্রমাণ পাইছিল। ইয়াৰ পূর্বে দেখা গৈছিল যে হিমাংকৰ ২০ ছেলচিয়াছৰ তলৰ তাপমাত্রাতাে ৰটিফাৰে প্ৰায় এটা দশকলৈ শুই থাকিব পাৰে।

কিন্তু নতুনকৈ উদ্ধাৰ হােৱা ৰটিফাৰটোৱে নিজ কুলৰেই সকলাে অভিলেখ ভংগ কৰিলে। আলাজেয়া নদীৰ কাষৰ পৰা সংগ্রহ কৰা নমুনাত যিটো ৰটিফাৰ পােৱা গৈছে, তাৰ নিদ্ৰাৰ বয়স কমেও ২৪ হেজাৰ বছৰ। স্বাভাৱিকভাৱেই তাৰ বয়স আৰু বেছি।

ইতিমধ্যে জাগ্রত অৱস্থালৈ আহিছে প্রাণীটো উল্লেখ্য যে এই নমুনাটো গৱেষণাগাৰলৈ অনাৰ পাছত বিজ্ঞানীসকলে দেখা পাইছে যে অনুকূল পৰিৱেশত এইবিধ প্রাণীয়ে অযৌন জনন পদ্ধতিৰে বংশ বিস্তাৰাে কৰিব পাৰে। বিজ্ঞানীসকলৰ এই গৱেষণাৰ প্রতিবেদন ‘কাৰেণ্ট বায়’লজী’ নামৰ এখন বিজ্ঞান পত্রিকাত প্রকাশ পাইছে।

Exit mobile version