ঔষধি গুণ হিচাপে ঔ টেঙা

Elephant Apple 54379136 s 1

★ঔ টেঙাৰ বিধৰ ৰস পানী আৰু চেনীৰ স’তে মিহলাই শীতল পানীয় ৰূপে ব্যৱহাৰ কৰা হয় ।

★ফল বিধৰ ৰস পেটৰ বিষৰ উপশমকাৰক ৰূপে ব্যৱহাৰ হয় ।

★কোমল পাত এটা চোবাই খালে গ্ৰহনী ৰোগ উপশম হয় ।

★ঔ টেঙাৰ গছ যৌনশক্তি বৰ্ধক আৰু পুৰুষত্ব বৃদ্ধি কাৰক ৰূপে ব্যৱহাৰ হয় ।

★ফল বিধৰ ৰস পিত্ত, কফ তথা দুৰ্গন্ধ্ যুক্ত বায়ু নিস্কাসনত সহায়ক ।

★ঔ টেঙাৰ ৰস হৃদৰোগীৰ বাবে উপকাৰী ।

★পকা ঔ টেঙাৰ ৰস ক্ষুধা বৰ্ধক আৰু শ্লেষ্মাৰ শূলবেদনা উপশম কাৰক ।

★ঔ টেঙা গছৰ কাঁইট যিকোনো বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ হয় ।

★ঔ টেঙাই মানৱ দেহৰ স্নায়ু তন্ত্ৰ সবল কৰাৰ লগতে দেহৰ ভাগৰ আতঁৰায় ।

★ঔ গছৰ ছাল বটি গাঁঠীৰ বিষৰ মলম ৰূপে ব্যৱহাৰ কৰা হয় ।

★ঔ গছৰ আঠা বহুলোকে কঁটা-ছিগাত প্ৰলেপ দি দৰৱ ৰূপে ব্যৱহাৰ কৰে ।

★ঔ গছৰ শিপা কলেৰাৰ প্ৰতিষেধক ৰূপে ব্যৱহৃত হয় ।

★বুকুৰ জ্বলা-পোৰা উপশমৰ বাবে ঔ গছৰ শিপা বটাৰ প্ৰলেপ ব্যৱহাৰ কৰা হয় ।

★ঔ টেঙাৰ ভিতৰত থকা বিজলিয়া অংশ উফি আৰু ছুলি সৰাৰ চিকিৎসা কৰা হয় ।

Exit mobile version