কানাডাৰ পাঠ্যসূচীক লৈ উদ্বিগ্ন ভাৰত

shutterstock 1079161880 770x433 1

কানাডাৰ অণ্টাৰিয়’ ৰাজ্যৰ কিছুসংখ্যক বিদ্যালয়ৰ পাঠ্যসূচীত ‘ভাৰত আৰু ভাৰতীয়সকলৰ প্ৰতি বিদ্বেষমূলক বিভ্ৰান্ত তথ্য’ পঢ়োৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে টৰণ্ট’ৰ ভাৰতীয় কনছুলেট জেনেৰেলে । এইমৰ্মে প্ৰাদেশিক চৰকাৰক যোৱা ১১ মাৰ্চত এখন পত্ৰ‌ও প্ৰেৰণ কৰা হৈছে, সম্প্ৰতি এই তথ্য প্ৰকাশ্যত আহিছে ।

এই পত্ৰত প্ৰাদেশিক চৰকাৰৰ আন্তৰ্জাতিক সম্পৰ্ক আৰু প্ৰ’ট’কল বিষয়ক দফতৰক কোৱা হৈছে যে, ইয়াৰ ফলত ভাৰত আৰু অণ্টাৰিয়’ৰ সম্পৰ্ক বেয়া হ’ব পাৰে । সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ‌ওক । স্কুল ব’ৰ্ডবোৰক সতৰ্ক কৰা হ‌ওক যাতে, তেওঁলোকে অনতি পলমে ‘বিদ্বেষমূলক’ আৰু ‘বিভ্ৰান্ত’ পাঠ্যাংশসমূহ আঁতৰাই দিয়ে ।

পাঠ্যসূচীৰ ঠিক কোন অংশ বা বিষয়ৰ কথা কোৱা হৈছে, সেয়া স্পষ্ট নহয় পত্ৰত । কোৱা হয়, ‘ভাৰতৰ কিছু সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কে ভুৱা আৰু তথ্যগতভাৱে বিভ্ৰান্ত বিষয় মনত ভৰাই দিয়া হৈছে, যাৰ উদ্দেশ্য হৈছে ঘৃণা আৰু বিদ্বেষ সৃষ্টি কৰা । ভাৰতীয় গোষ্ঠীৰ সাম্প্ৰদায়িক মেৰুকৰণো ইয়াৰ লক্ষ্য ।’

লগতে কোৱা হয় যে, ভাৰতীয় নাগৰিক আৰু কানাডাৰ ভাৰতীয় বংশোদ্ভূতসকলৰ একাংশ ইতিমধ্যে কনছুলেটৰৰ দ্বাৰস্থ হৈছে । এওঁলোকৰ সন্তানসকল অণ্টাৰিয়’ৰ পিল ডিষ্ট্ৰিক্ট স্কুল ব’ৰ্ড, ট’ৰেণ্ট’ ডিষ্ট্ৰিক্ট স্কুল ব’ৰ্ডৰ অন্তৰ্গত স্কুলবোৰত অধ্যয়নৰত । পিতৃ-মাতৃসকলে অভিযোগ উত্থাপন কৰিছে যে, তেওঁলোকৰ সন্তানসকলে অন্য জাতি-গোষ্ঠীৰ সহপাঠীসকলৰ দ্বাৰা বিৰূপ মন্তব্য আৰু হিংসাৰ বলি হৈছে । তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে । এই সংক্ৰান্তিয় অভিযোগপত্ৰবোৰো কানাডাৰ কৰ্তৃপক্ষক প্ৰেৰণ কৰিছে কনছুলেটে ।

পত্ৰত উল্লেখ কৰা হয় যে, ভাৰত আৰু কানাডাৰ পাৰস্পৰিক উষ্ণ সম্পৰ্কক আঘাত কৰি নিজৰ অসৎ উদ্দেশ্য সাধনৰ লক্ষ্যৰে ক্ষতিকাৰক শক্তিবোৰে ষড়যন্ত্ৰ কৰিছে । দুয়ো দেশৰ বাবেই এইটো নিৰাপত্তাজনিত সংকট । বিষয়টো ইমানেই গুৰুত্বপূৰ্ণ যে, ইয়াৰ ফলত দ্বিপাক্ষিক সম্পৰ্ক বেয়া হোৱাৰ লগতে, অণ্টাৰিয়’ৰ বাস কৰা ভাৰতীয়সকলৰ নিৰাপত্তা বিঘ্নিত হ’ব পাৰে, ভাৰতীয় ঐতিহ্যৰ বিভিন্ন জাতি-গোষ্ঠীৰ মাজৰ সম্পৰ্কৰ ক্ষতি হ’ব পাৰে । সেয়ে বিষয়টোৰ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

Exit mobile version