নিলামত উঠিছে এয়াৰ ইণ্ডিয়াৰ সম্পত্তি

1574870738 4657

অনলাইন নিলাম সংস্থাৰ জৰিয়তে সমগ্র ভাৰতত ফ্লেট আৰু ভূমিৰ প্লট বিক্ৰীৰ বিজ্ঞাপন দিলে এয়াৰ ইণ্ডিয়াই । ব্যৱসায় আৰু আৱাসিক ৰিয়েল ইষ্টেট সম্পত্তি বিক্ৰী কৰি তিনিশ কোটি টকা উপাৰ্জন কৰিবলৈ ওলাইছে সংস্থাটোৱে।

শুকুৰবাৰে এয়াৰ ইণ্ডিয়াই জাৰি কৰা ই-নিলাম জাননী অনুসৰি, কোম্পানীটোৱে কলকাতা, মুম্বাই, ঔৰংগাবাদ, ভুজ, নতুন দিল্লী, বেংগালুৰু, মেংগালুৰু, নাছিক, নাগপুৰ আৰু তিৰুৱন্তপুৰমত সম্পত্তি বিক্ৰী কৰিব। নিলাম আঠ জুলাইত আৰম্ভ হ’ব আৰু ন জুলাইত শেষ হ’ব ।

কিন্তু কেৱল বিজ্ঞাপনতে নহয়, সকলো বিৱৰণ এমএছটিচিৰ ৱেবছাইটত দিয়া হৈছে বুলি বিজ্ঞাপনত জনাইছে এয়াৰ ইণ্ডিয়াই । নিজৰ ৱেবচাইটত সম্পত্তি বিক্ৰীৰ সম্পৰ্কে বিৱৰণ দিছে বিমান সংস্থাটোৱে ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে, চলিত বৰ্ষৰ শেষত এয়াৰ ইণ্ডিয়াৰ বিলগ্নি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ।

কেন্দ্ৰৰ ওচৰত এয়াৰ ইণ্ডিয়া ক্ৰয় কৰাৰ আগ্রহ প্ৰকাশ কৰিছে স্পাইচজেটৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় সিং আৰু টাটা কোম্পানীয়ে ।

প্ৰায় ৬০ কোটি টকাৰ ঋণত ডুবি আছে এয়াৰ ইণ্ডিয়া । জোৱাৰ ঘূৰাবলৈ ৫০ হেজাৰ কোটি টকা ব্যয় হৈছে কেন্দ্ৰৰ । কোম্পানীটোৱে বোজা পূৰণ কৰিবলৈ সমগ্ৰ দেশত বিয়পি থকা তেওঁলোকৰ সম্পত্তি বিক্ৰী কৰিবলৈ আমন্ত্ৰণ জনাইছে । প্ৰতিটো সম্পত্তিৰ সুৰক্ষিত মূল্য, কিমান টকা জমা কৰিব লাগিব সেই সকলো বিৱৰণ এমএছটিচি ৱেবছাইটত দিয়া হৈছে বুলি বিজ্ঞাপনত জনাইছে এয়াৰ ইণ্ডিয়াই ।

কি সম্পত্তি বিক্ৰী কৰা হৈছে ?

ঔৰংগাবাদত এটা বুকিং কাৰ্যালয় আৰু কৰ্মচাৰী কোৱাৰ্টাৰ, ভুজ আৰু এয়াৰলাইনছ হাউচত গৃহনিৰ্মাণৰ বাবে ক্ৰয় কৰা ভূমি, নতুন দিল্লীৰ এছিয়ান গেমছ ভিলেজ কমপ্লেক্সত চাৰিটা আৱাস, বেংগালুৰুৰ বাসস্থানৰ বাবে ক্ৰয় কৰা ভূমি, মেংগালুৰুত দুটা ফ্লেট, মুম্বাইৰ ১৪ টা ফ্লেট, কলকাতাৰ চাৰিটা ফ্লেট, নাগপুৰৰ বুকিং কাৰ্যালয় আৰু তিৰুৱন্তপুৰমৰ আৱাসিক প্লট নিলামত বিক্ৰী কৰা হ’ব।

Exit mobile version