চাওক হৃদৰোগৰ সমস্যা থাকিলে কি কি খাব নালাগে ?

heart disease sign symptoms thumb

বৰ্তমান বহুলোকৰ ক্ষেত্ৰত হৃদৰোগ দেখা গৈছে। যি সমস্যাই সকলোৰে চিন্তা বৃদ্ধি কৰিছে । অৱশ্যে, এই উদ্বেগ হৃদৰোগীৰ বাবেও ক্ষতিকাৰক। ইফালে, এই ৰোগীসকলৰ প্ৰায়ে উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু অনিয়মীয়া হৃদস্পন্দনৰ দৰে সমস্যা হয়। এই পৰিস্থিতিৰ বাবে শৰীৰৰ যত্নৰ প্ৰয়োজন। একে সময়তে, আপুনি মনোযোগ দিব লাগিব আপোনাৰ আহাৰত । বিভিন্ন অহাৰ হৃদৰোগীসকলৰ বাবে উপকাৰী যদিও এনে কিছুমান খাদ্য আছে যি ক্ষতিকাৰক। চাওক কি কি খাদ্য খালে হ’ব পাৰে ক্ষতি ।

ময়দা : যথেষ্ট পৰিমাণৰ ময়দাই শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰে। কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বি যি শৰীৰত ৰক্ত সঞ্চালনৰ পথত স্তূপত জমা হয়।

নিমখ : নিমখৰ মিশ্ৰণে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। অৱশ্যে, হৃদৰোগীৰ ক্ষেত্ৰত নিমখ বিষৰ সমান। গতিকে তেওঁলোকৰ সীমিত পৰিমাণৰ নিমখ খোৱা উচিত। অত্যাধিক নিমখ খোৱাৰ ফলত শৰীৰত আন সমস্যাও হয়। উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি কৰে।

কণীৰ কুহুম : হৃদৰোগীসকলে কণীৰ কুহুম পৰিহাৰ কৰিব লাগে। কিয়নো ইয়াত সংপৃক্ত চৰ্বি থাকে। অৱশ্যে, কণী হঠাতে বন্ধ কৰিব নালাগে। কণীত ভিটামিন ‘বি’ আৰু ‘এ’ থাকে। গতিকে হৃদযন্ত্ৰৰৰোগীয়ে সামান্য পৰিমাণৰ কণী খাব লাগে।

মিঠাই : অত্যাধিক চেনী খোৱাৰ ফলত শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি হয়। ডায়েবেটিচৰ আশংকা বৃদ্ধি কৰে। গতিকে হৃদৰোগীয়ে অত্যাধিক মিঠাই খাব নালাগে। অত্যাধিক চেনী খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক।

Exit mobile version