লক্ষীপুৰত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ, এজন আটক

WhatsApp Image 2021 06 22 at 2.49.25 PM

গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গাৰোজান গাঁৱত সোমাবাৰে আবেলিৰ ভাগত লক্ষীপুৰ আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ বেহাৰ বিৰুদ্ধে অভিযান চলায় ।

ADVERTISEMENT

অভিযানত আৰক্ষীয়ে বহু পৰিমাণৰ হেৰ’ইনসহ এজন ড্ৰাগছ ব্যৱসায়ীক হাতে-লোটে ধৰিবলৈ সক্ষম হয় । ধৃত লোকজন গাৰোজান গাঁৱৰ ইক্ৰামুল হক ।

এক গোপন সূত্ৰৰ পমখেদি সোমাবাৰে অভিযানকাৰীয়ে গাৰোজানৰ ইক্ৰামুলৰ ঘৰত পোনে-পোনে অভিযান চলায় । অভিযানৰ সময়ত ইক্ৰামুলৰ ঘৰৰ পৰাই ৫০ টাকৈ হেৰ’ইন ভৰ্তি কন্টেইনাৰসমূহ উদ্ধাৰ হয় ।

অভিযানকাৰীয়ে লগে লগে উদ্ধাৰকৃত হেৰ’ইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত ইক্ৰামুলকো কৰায়ত্ত কৰে । আৰক্ষীয়ে সদৰী কৰা মতে , জব্দ কৰা হেৰ’ইনখিনি সুদূৰ মানকাছাৰৰ পৰা আনিছিল ইক্ৰামুলে ।

তদুপৰি, অভিযুক্ত ইক্ৰামুলে বহু দিনৰ পৰাই এই নিষিদ্ধ ড্ৰাগছ বেহা কাৰ্যৰ স’তে জড়িত থকাৰ কথাওঁ আৰক্ষীয়ে সাংবাদিকৰ আগত সদৰী কৰে ।

Exit mobile version