উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ তৎপৰতা নতুন ট্ৰেন্সফৰ্মাৰ স্থাপনেৰে ৰহা স্বাস্থ্য কেন্দ্ৰত পুনৰ বিদ্যুৎ যোগান আৰম্ভ

Tej Prasad Bhusal ACS Assam

দীর্ঘ এবছৰৰ মূৰত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ তৎপৰতাত ৰহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুণৰ বিদ্যুৎ সংযোগ স্থাপন কৰা হৈছে।

ADVERTISEMENT

বৰপেটা জিলাৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহাত থকা স্বাস্থ্য কেন্দ্ৰটিত থকা বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰটি ২০১৯ চনতে বিকল হৈ পৰে।

ইয়াৰ পাছত কিছুদিন সৌৰ চালিত বিদ্যুতেৰে চিকিৎসালয়খন চলোৱা হৈছিল যদিও পাছত তাতো বিজুতি ঘটাত কেন্দ্ৰটি  সম্পূৰ্ণ অন্ধকাৰত বুৰ যায়।

এই বিষয়ে জানিব পাৰি সাম্প্ৰতিক ক’ভিড পৰিস্থিতিত ইয়াৰ গুৰুত্ব উপলব্ধি কৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কোনো নিৰ্ধাৰিত পুজি অবিহনে চিকিৎসালয়খনত নতুন ট্ৰেন্সফৰ্মাৰ স্থাপন কৰাৰ ব্যৱস্থা কৰে।

ফলত প্ৰায় এবছৰ বিৰতিত স্বাস্থ্য কেন্দ্ৰটি পুনৰ আলোকিত হৈ পৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Exit mobile version