পাঁচশ বছৰ ধৰি অব্যাহত ৰাখিছে বংশ পৰম্পৰা

পুৰণি পদ্ধতিৰে কাজুৰ ফেনী প্রস্তুত কৰিয়েই জীৱিকা আহৰণ এক পৰিয়ালৰ

1624340692 1

গােৱা বুলিলেই নীল সমুদ্র, দিগন্তলৈ বিস্তৃত উপকূল। গােৱা মানেই সাগৰৰ মাজত ক্রুজত ভাহি যােৱা বা নিশাৰ আনন্দ-উৎসৱ, সাগৰীয় খাদ্য আৰু কত যে কি! ইয়াৰ মাজতাে এটা নাম গােৱাৰ পৰ্যটকৰ বাবে অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু।

সেয়া হৈছে ফেনী, একপ্রকাৰৰ অলক’হল মিশ্রিত পানীয়। এই পানীয় গােৱাৰ অধিকাংশ বাসিন্দাৰ দৈনন্দিন জীৱনৰ স’তে ওতঃপ্রােতভাৱে জড়িত হৈ আছে। বিশেষকৈ পর্যটকৰ বাবে এই পানীয়ৰ আছে বিশেষ আকর্ষণ।

দেশ-বিদেশৰ পর্যটকে ফেনীৰ আকর্ষণতে গােৱালৈ দৌৰি আহে। ভাৰতৰ একমাত্র গােৱাতে ফেনী পােৱা যায়। সংস্কৃত শব্দ ‘ফেনা’ৰ পৰা ‘ফেনী’ শব্দটো আহিছে। এইবিধ পানীয় গিলাচত ঢলাৰ সময়ত বা পানীয় ভৰা বটলৰ ঢাকনি খােলাৰ সময়ত হােৱা জোকাৰণিত ফেনৰ সৃষ্টি হয়।

ফেনী মূলতঃ দুই প্রকাৰৰ। কাজু ফেনী আৰু তাল ফেনী। কাজু ফেনী অধিক জনপ্রিয়। কিয়নাে তালৰ পৰা প্রস্তুত কৰা দেশীয় সুৰা ভাৰতৰ অন্যান্য স্থানতাে পােৱা যায়। ফেনী প্রস্তুত কৰি জীৱিকা আহৰণ কৰা গােৱাৰ বাসিন্দাসকলৰ ভিতৰত এটা এই ব্যৱসায় অব্যাহত ৰাখিছে।

প্রতিদিনে পুৱা এটা পাচি লৈ তেওঁলােক কাজু বাগানলৈ যায় আৰু মাটিত পৰি থকা কাজু ফল সংগ্রহ কৰি ঘৰলৈ উভতি আহে। তাৰ পাছত ফলৰ মুখত লাগি থকা বীজ (বাদাম) আঁতৰাই আন এক পাত্ৰত ৰাখি থয়। পাছত বাদামবােৰ তেওঁলােকে বিক্রী কৰে।

আনহাতে, ফলবােৰ পিচি তাৰ পৰা ৰস বাহিৰ কৰি এটা পাত্ৰত জমা কৰে। ফল পিচি ৰস উলিওৱাৰ বাবেও তেওঁলােকৰ কোনাে আধুনিক যন্ত্র নাই। নাম মাত্র উপার্জনৰ বাবে আধুনিক যন্ত্র ক্ৰয় কৰাৰ সামৰ্থ তেওঁলােকৰ নাই। তৎসত্ত্বেও একমাত্র বংশ পৰম্পৰা ৰক্ষাৰ বাবে ফার্ণাণ্ডেজ পৰিয়ালে এই কাম কৰি আহিছে।

প্রধানকৈ পুৰণি পদ্ধতি অনুসৰণ কৰিয়েই তেওঁলােকে কাজুৰ ৰস বাহিৰ কৰে। প্রথমে এটা ডাঙৰ পাত্ৰত কাজুখিনি ৰাখে। তাৰ পাছত ভৰিৰে গচকি তাৰ পৰা ৰস বাহিৰ কৰে। ৰস উলিওৱাৰ পাছত সেই ৰস ফাৰমেণ্টেচন বা মাদক পৰিণত হােৱাৰ প্ৰক্ৰিয়াৰ বাবে কিছু সময় ঢাকি থয়।

নির্দিষ্ট সময়ৰ পাছত সেই ৰসৰ পাত্ৰটো জুইৰ ওপৰত ৰাখে। জুইৰ তাপত জলীয় অংশ বাষ্পীভূত হ’বলৈ আৰম্ভ কৰে। সেই বাষ্পখিনি আন এটা পাত্ৰত সংগ্রহ কৰি তৈয়াৰ কৰা হয় ফেনী। ফার্ণাণ্ডেজ পৰিয়ালে প্রধানকৈ স্থানীয় লােককে এই পানী বিক্ৰী কৰে।

ফেনী বিক্রী কৰি তেওঁলােকে দৈনিক ২৫০ পৰা তিনিশ টকা উপার্জন কৰে। উল্লেখ্য যে ২০১৬ত গােৱা চৰকাৰে ফেনীক গােৱাৰ ঐতিহ্যবাহী পানীয়ৰূপে স্বীকৃতি দিয়াৰ কথা ভাবিছিল। ফেনীক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগৰ উন্নয়নৰ প্রস্তাৱাে গ্ৰহণ কৰিছিল। কাজু ফল সংগ্রহ কৰাৰ পৰা আৰম্ভ কৰি ফেনী প্রস্তুত কৰালৈকে সকলােবােৰ পৰ্যটকক দেখুওৱাৰ পৰিকল্পনা কৰিছিল গােৱা চৰকাৰে।

অৱশ্যে সেয়া এতিয়াও কার্যকৰী হােৱা নাই। কাজু বাদাম ব্রাজিলৰ পৰা ভাৰতলৈ আনিছিল পর্তুগীজসকলে। সেই ফলৰ পৰা কেতিয়াৰ পৰা ফেনী তৈয়াৰ আৰম্ভ হয়, সেই তথ্য আজিও অজ্ঞাত।

Exit mobile version