পানীৰ সৌন্দৰ্যৰ বাবে বিখ্যাত গাঁওখনতেই নাই খোৱাপানী

কেতিয়া অন্ত পৰিব বাগ্‌সাৰ দ্বাৰাগাঁওবাসীৰ পানীৰ সমস্যাৰ

পাহাৰৰ পৰা নামি অহা ফটফটীয়া পৰিস্কাৰ পানীৰ সৌন্দৰ্যৰ বাবেই বিখ্যাত ভাৰত-ভূটান সীমান্তৱৰ্তী অসমৰ বাগ্‌সা জিলাৰ এখন গাঁও ৷ পানী চাবলৈকে গাঁওখনলৈ এই সময়ত দৈনিক আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ ৷ বনভোজ খাবলৈ অথবা সেউজীয়াৰ মাজত পানীৰ সৌন্দৰ্য বিচাৰি হেজাৰ হেজাৰ লোক গাঁওখনলৈ অহাৰ সময়তে এটুপি খোৱাপানী বিচাৰি গাঁওখনৰ ৰাইজৰ সংগ্ৰাম চলিছে বছৰ বছৰ ধৰি ৷

অবিশ্বাস্য যে পানীৰ মাজতে থকা গাঁওখনৰ ৰাইজৰ সুদীৰ্ঘ বছৰ মূল অভাৱেই হৈছে বিশুদ্ধ খোৱা পানী ৷ কৰ’নাৰ এনে প্ৰকোপৰ সময়তো আন কিবা চিন্তাৰ বিপৰীতে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি জীয়াই থকাৰ বাবে সংগ্ৰাম চলিছে গাঁওখনৰ লোকৰ ৷ বাগ্‌সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিৰ সমীপৱৰ্তী প্ৰাকৃতিক পৰিৱেশ সমৃদ্ধ দ্বাৰাগাঁও ৷ দেখাত পৰিস্কাৰ পানীৰে আবৃত হ’লেও প্ৰতিমুহূৰ্তত গাঁওবাসীয়ে কৰি আহিছে পানীৰ বাবে সংগ্ৰাম ৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ৰ ১৫ আগষ্টত ঘোষণা কৰা জলজীৱন মিছন নামৰ এক অভিলাষী আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ গ্রামাঞ্চলত পানী যোগানৰ পন্থা হাতত লৈছে যদিও আজিলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো আঁচনিৰ সুফল পোৱা নাই দ্বাৰাগাঁওবাসীয়ে ৷

স্বাধীনতাৰ ৭৫ বছৰ পাছতো এই গাঁওবাসীয়ে পাহাৰৰ পৰা নামি অহা দিৰিং নৈৰ পৰা ডেৰ-দুই কিলোমিটাৰ বাটকুৰি বাই পানী কঢ়িয়াব লাগে ৷ অন্যথা পাহাৰৰ নিজৰাৰ পৰা পাইপেৰে বোৱাই অনা পানীৰ বাবে দিনৰ দিনটো ৰৈ চাইকেলত গেলন, কলহ অথবা বাল্টি বান্ধি লৈ পানী আনিব লাগে ৷

আজিলৈ কোনো বিশেষ চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা গাঁওখনত সাত বছৰ পূৰ্বেই চৰকাৰে খোৱাপানীৰ বাবে মাটিত পাইপ পুতিছিল যদিও এই পৰ্যন্ত নোলাল পানী ৷ অঞ্চলটোৰ নেতৃস্থানীয় ব্যক্তি উকিল বড়োৱে অভিযোগ কৰা অনুসৰি, জনপ্ৰতিনিধি সকলৰো কেৱল নিৰ্বাচনৰ সময়তহে আদৰ বাঢ়ে, নিৰ্বাচনৰ পাছত এইসকল ভুক্তভোগী ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি কোনো নেতা, বিধায়কৰ চকুত নপৰে ৷

এইবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীত্ব লাভ কৰা ৰণজিৎ কুমাৰ দাসে দ্বাৰাগাঁওবাসীৰ এনে দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবনে ? তেওঁৰ সুদৃষ্টি পৰি বৃহত্তৰ দ্বাৰাগাঁওবাসীয়ে সমস্যাৰ পৰা পৰিত্ৰাণ পাবনে ? এতিয়া তেনে আশাৰেই বাট চাই ৰৈছে গাঁওখনৰ দুৰ্ভগীয়া ৰাইজে ৷

গাঁওখনৰ মিনতি বড়োৱে সাংবাদিকক কয়, ‘চৰকাৰে আমাৰ সমস্যা কেতিয়াও সমাধান হোৱাটো নিবিচাৰে ৷ আমাক চৰকাৰে নেদেখে, আমাৰ সমস্যা অনুধাৱন নকৰে ৷ আমি নিজাববীয়াকৈ পাইপ কিনি আনি পাহাৰৰ ওপৰৰ নিজৰাৰ লগত সংযোগ কৰি দি বৰ্তমান তাৰ পৰা বৈ অহা পানী ব্যৱহাৰ কৰি আছো ৷ দেখাত পৰিস্কাৰ যেন লাগিলেও এই পানী বিশুদ্ধ নহয় ৷ নিজৰাৰ এই পানী আমি বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি আহিছো ৷ তাৰ বাবে আমি বহু বেমাৰতো আক্ৰান্ত হৈছো ৷ কিন্তু চৰকাৰে আমাক বিশুদ্ধ পানী নিদিলে আমাৰ অন্য উপায় নাই ৷ আমাৰ দাবী, আমাৰ দ্বাৰাগাঁৱত চৰকাৰে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰক ৷’

Exit mobile version