৩০ জুনত শেষ হ’ব আধাৰ-পেন কাৰ্ড সংলগ্নৰ সময়সীমা, জানি ল‌ওক কেনেদৰে সংযুক্ত কৰিব

887317 aadhaar pan dna

পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযুক্ত কৰাৰ সময় শেষ হ’ব ৩০ জুনত । নিৰ্দিষ্ট তাৰিখৰ ভিতৰত দুয়োটা সংযুক্ত কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰে জনায় যে, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংযুক্ত নহ’লে পৰৱৰ্তী মাহত কৰ্মীসকলে নিৰ্দিষ্ট সময়ত বেতন পোৱাত সমস্যা হ’ব ।

ইয়াৰ পূৰ্বে পিএফ-আধাৰ সংযুক্ত কৰাৰ সময়ত নিৰ্দিষ্ট নিৰ্দেশনা দিছিল কেন্দ্ৰীয় চৰকাৰে । অৱশ্যে এই সময়সীমা ছেপ্টেম্বৰ পৰ্যন্ত বৃদ্ধি কৰে কেন্দ্ৰ‌ই ।

কেনেদৰে আপোনাৰ আধাৰ পেন কাৰ্ডৰ স’তে সংলগ্ন কৰিব ? কি পদ্ধতি অৱলম্বন কৰিব লাগিব ? জানি ল‌ওক –

● আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইট www.incometax.gov.in ত যাব ।
● এই ৱেবছাইটৰ হোম পেজত ‘আৱাৰ ছাৰ্ভিচ’ বুলি এটা অপচন আছে, তাত গৈ ‘লিংক আধাৰ’ বিকল্পত ক্লিক কৰিব লাগিব ।
● ক্লিক কৰাৰ পাছত এটা নতুন পেজ খুলিব, তাত পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ যাৱতীয় তথ্য দিব লাগিব নিৰ্দিষ্ট স্থানত ।
● সকলো তথ্য ছেভ কৰাৰ পাছত পেন আৰু আধাৰ লিংকৰ বিস্তাৰিত তথ্য জানিবৰ বাবে ক্লিক কৰিব লাগিব ‘ভিউ লিংক আধাৰ ষ্টেটাছ’ত ।
● এইবাৰ পেজত আধাৰ আৰু পেন কাৰ্ড সংযুক্ত হোৱাৰ বিস্তাৰিত তথ্য দেখিব । সঠিকভাৱে লিংক হৈ গ’লে, পেন আৰু আধাৰ কাৰ্ডৰ নম্বৰ লিংক হৈছে বুলি দেখিব স্ক্ৰীনত ।

Exit mobile version