দিনটোৰ ৰাশিফল

daily horoscope 1

মেষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩, অচিনাকি ব্যক্তিৰ লগত মিলামিচা নকৰিব ক্ষতিৰ আশংকা আছে। খং দুমা ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰ। হাতলৈ টকা-পইচা আহিব। প্রতিকাৰ বেল গছৰ তলত ধূপ চাকি জুলাই শিৱৰ ধ্যান কৰিব।

বৃষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬, মাটি-বাৰীৰ সীমাজনীত সমস্যা হ’ব পাৰে। আজি যুটীয়া ব্যৱায় আৰম্ভ নকৰিব। স্বাস্থ্য প্রতি যত্ন ল’ব। প্রতিকাৰ : শিৱৰ লিংগত পূজা-অর্চনা কৰি শিৱৰ ধ্যান কৰিব।

মিথুন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮, দুর্ঘটনাৰ সম্ভাৱনা দেখা যায়। টকা-পইচা লেনদেন কৰােতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যােগ আছে। প্রতিকাৰ ভিক্ষাৰী এজনক জলপান কৰাই বগা বস্তু দান কৰিব।

কর্কট : শুভ ৰং নীলা, শুভ সংখ্যা ৮, চাকৰি কৰা জাতকে ধৈর্যৰে সকলাে কাম কৰিব অন্যথা ক্ষতি হ’ব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনাে ভাল কাম আজি আৰম্ভ হ’ব। ঋণমুক্ত হ’ব পাৰে। প্ৰতিকাৰ ? সুৰুজমুখী ফুল ঘৰত ৰুই তাৰ গুৰিত পানী ঢালি সূর্য লৈ চাই প্রণাম কৰিব।

সিংহ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫, ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপহাৰ কৰি সন্মান লাভ কৰিব। পুত্রই কৰা ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে। প্রতিকাৰ : ঘৰৰ পৰা ওলাই যাওতে সূর্যক প্রমাণ কৰি ওলাব।

কন্যা : শুভ ৰং ৰঙা, শুভ সংখ্যা ৪, ব্যৱসায়ীসকলৰ ধনাগমনৰ যােগ। শত্ৰুৰ দ্বাৰা ক্ষতি হােৱাৰ ভয়। টকা-পইচা সংক্রান্তীয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ। প্রতিকাৰ : লক্ষ্মী নাৰায়ণৰ ধ্যান কৰিব।

তুলা : শুভ ৰং গুলগীয়া শুভ সংখ্যা ৯, অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে। সন্তানৰ ভুলে অর্থে হানি কৰিব। কর্মসংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব। প্রতিকাৰ : ভিক্ষাৰিক খােৱা বস্তু দান কৰিব।

বৃশ্চিক : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩, শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহায়েৰে উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলাফুলা কৰিব আঘাত পােৱাৰ সম্ভাৱনা। প্রতিকাৰ :কুমাৰী ছােৱালীক কিবা দান কৰিব পাৰে।

ধনু : শুভ ৰং নীলা, শুভ সংখ্যা ৫, বিবাহ সংক্রান্তীয় আলােচনাৰ আজি সুফল লাভ কৰিব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিচলি পৰি হাত-ভৰিত আঘাত পাব পাৰে। প্ৰতিকাৰ : শিৱ মন্দিৰত ধূপ চাকি জ্বলাই শিৱক ধ্যান কৰিব।

মকৰ : শুভ ৰং ৰঙা, শুভ সংখ্যা ৩, কৰিম বুলি ভবা কাম আজি আৰম্ভ কৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু বিচ্ছেদ হােৱাৰ সম্ভাৱনা আছে। ভাল কাম কৰি থােৱাৰ ফল আজি লাভ কৰিব পাৰে। প্ৰতিকাৰ :হনুমানৰ প্রতিচ্ছবি মনলৈ আনি তেওঁৰ ধ্যান কৰিবক।

কুম্ভ : শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮, আজি কোনাে নতুন কামত হাত নিদিব। পুৰণি ৰােগত ভােগাসকলৰ স্বাস্থ্য অৱনতি হােৱাৰ আশংকা আছে। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সন্তানৰ শুভ। প্রতিকাৰ ? ভিক্ষাৰিক মিঠা ফল দান কৰিব।

মীন : শুভ ৰং নীলা, শুভ সংখ্যা ৪, ব্যৱসায়ীৰ অৰ্থ লাভৰ যােগ দেখা যায়। সন্তানৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যােগ। প্রতিকাৰ : গা ধুই সূর্য প্রণাম কৰি জল অর্পন কৰিব।

Exit mobile version