পিতৃৰ হস্তক্ষেপৰ পৰা স্বাধীনতা বিচাৰিলে পপ তাৰকা ব্রিটনীয়ে

Britney Spears 01

আমেৰিকাৰ জনপ্রিয় পপ সংগীত শিল্পী ব্রিটনী স্পীয়াৰ্ছে পিতৃ জেমী স্পীয়াৰ্ছৰ হস্তক্ষেপৰ পৰা মুক্তি বিচাৰিলে। আদালতত এক গােচৰত ন্যায়াধীশৰ আগত ব্রিটনীয়ে কয় যে তেওঁ নিজৰ জীৱন যাপন কৰিব বিচাৰে।

আদালতত আৱেগিক হৈ আমেৰিকাৰ বিখ্যাত পপ তাৰকাগৰাকীয়ে কয়, ‘মােক মােৰ জীৱন, মােৰ স্বাধীনতা ওভতাই লাগে। ১৩ বছৰ হ’ল, বহুত হ’ল আৰু। মই বিচাৰিছাে কোনাে মূল্যাংকন অবিহনে কনজাৰভেটৰশ্বিপ’ গােচৰৰ বিচাৰ সমাপ্ত হওক।

উল্লেখ্য যে ব্রিটনীয়ে মানসিক অসুস্থতাত ভােগা বুলি দাবী কৰি ২০০৮ত তেওঁৰ পিতৃয়ে কন্যাৰ জীৱনক পৰিচালনা কৰাৰ বিশেষ অধিকাৰ আদালত পৰা লাভ কৰিছিল। শেহতীয়াভাৱে ব্রিটনীয়ে পিতৃৰ বিৰুদ্ধে আদালতৰ আশ্ৰয় লৈ পিতৃয়ে লাভ কৰা উক্ত বিশেষ অধিকাৰ সমাপ্ত কৰিবলৈ অনুৰােধ জনাইছে।

এই গােচৰৰে শুনানিত পপ তাৰকাগৰাকীয়ে কয় যে তেওঁ এতিয়া নিজৰ প্ৰেমিকৰ স’তে বিবাহ কৰাব বিচাৰে আৰু সন্তান জন্ম দিব বিচাৰে। পিতৃয়ে তেওঁৰ ব্যক্তিগত জীৱনক হস্তক্ষেপ কৰা বুলিও ব্রিটনীয়ে ন্যায়াধীশৰ আগত অভিযােগ কৰিছে।

Exit mobile version