মাটিৰ ৮০ ফুট তলত সর্ববৃহৎ স্বর্ণ বেংক

নিৰাপত্তা ব্যৱস্থা পাৰ হৈ সােণৰ কাষ চাপিবলৈ লাগে এটা দিন

Deutsche Bundesbank flickr gold vaults

পৃথিৱীৰ সবাতােকৈ অধিক সােণ জমা থকা বেংকটো আছে আমেৰিকাৰ নিউয়র্কত। ইয়াক বেংক সলনিসর্ববৃহৎ সােণৰ গুদাম বুলিও ক’ব পাৰি। কিমান পৰিমাণৰ সােণ মজুত আছে, সেয়া কেতিয়াও সদৰী কৰা নহয়। তাৰ কোনাে সঠিক হিচাপ পােৱা নাযায়।

অৱশ্যে মানৱ সভ্যতাৰ ইতিহাসত ইমান বেছি পৰিমাণৰ সােণ এটা স্থানত সংৰক্ষিত কৰাৰ কোনাে তথ্য পােৱা নাযায়। এই বেংকটোৰ নাম হৈছে নিউয়র্ক ফেডাৰেল ৰিজাৰ্ভ।। নিউয়কৰ মূল চহৰ অঞ্চল মেনহাটনৰ অর্থনৈতিক জিলাৰ মাজভাগত এই বেংক অৱস্থিত। অৱশ্যে সােণবােৰ ৰখা হয় মাটিৰ তলত। ভূ-পৃষ্ঠৰ তলত মাটি, শিল, বালিৰ বিভিন্ন স্তৰ আছে।

সেই ধৰণৰ তিনিটা স্তৰ পাৰ হােৱাৰ পাছত চতুর্থ স্তৰটো হৈছে ‘বেডৰক’ স্তৰ। সেই স্তৰতে সােণবােৰ মজুত ৰখা হয়। মাটিৰ পৰা প্রায় ৮০ ফুট তলত আছে বেংকৰ সােণ ৰখা ‘চন্দুক’টো। নামতহে চন্দুক যদিও ই আচলতে এটা বিৰাট আকাৰৰ কোঠা।

নিউয়র্ক ফেডাৰেল ৰিজাৰ্ভৰ এই ধৰণৰ ১২২টা কোঠা আছে। একো একোটা কোঠাত সুন্দৰকৈ সজাই থােৱা থাকে চকুত চাট মৰা সােণৰ চপৰাবােৰ। একোটা চপৰাৰ ওজন ২৭ পাউণ্ড। অর্থাৎ ১২ কেজি ২৪৭ গ্রাম। মূল্য কমেও ১.৬ লাখ আমেৰিকান ডলাৰ। ইয়াৰ উপৰি কম জমাকাৰীসকলৰ বাবে সৰু ভাড়াৰ কোঠাও আছে।

এই কোঠাবােৰৰ নাম হৈছে ‘লাইব্রেৰী ভল্ট। ওজন আৰু মানত প্ৰতিটো সােণৰ চপৰা এশ শতাংশ বিশুদ্ধ। বেংকৰ নিজস্ব মানদণ্ডত ইয়াৰ শুদ্ধতা নিৰূপণ কৰা হয়। প্রতিটো চপৰাৰ চোৱাচিতাৰ বাবেও আছে। বিশেষ প্রক্রিয়া। পৃথিৱীত এই পর্যন্ত যিমান সােণ খনিৰ পৰা সংগ্ৰহ কৰা হৈছে, তাৰ পাঁচ শতাংশ এই বেংকত মজুত আছে ।

অৱশ্যে এইবােৰ সােণৰ গৰাকী কোনাে পুঁজিপতি নহয়। এই বেংকৰ গ্রাহক প্রধানকৈ বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংক। কমেও এশখন দেশৰ কেন্দ্ৰীয় বেংকৰ সােণ ইয়াত মজুত ৰখা হৈছে। একো একোটা কোঠা একোখন দেশৰ নামত আবণ্টিত। অৱশ্যে এই বেংকৰ গ্রাহক কোন বা কি কি বেংক সেয়া জনাৰ কোনাে উপায় নাই।

গ্রাহকসকলৰ নাম সম্পূর্ণ গােপনে ৰাখে নিউয়র্ক ফেডাৰেল ৰিজার্ভে। ফেডাৰেল ৰিজাৰ্ভত সােণ জমা ৰখাৰ কাৰণ অৱশ্যে ইয়াৰ সর্বজনগ্রাহ্যতা। যিহেতু অধিকাংশ দেশেই এই বেংকত সােণ ৰাখে, সেয়ে সােণ আদান-প্রদানৰ বাবে বিশেষ পৰিশ্রম বা দীর্ঘ প্রক্রিয়াৰ প্রয়ােজন নহয়। কোঠা সলনি কৰিলেই হয়। অর্থাৎ এই বেংকৰ গ্রাহক দুখন দেশৰ মাজত যদি সােণৰ আদান-প্রদান কৰিব লাগে,তেন্তে সােণ দিয়া দেশখনৰ কোঠাৰ পৰা নির্দিষ্ট পৰিমাণৰ সােণ গ্রাহক দেশখনৰ কোঠালৈ স্থানান্তৰ কৰিলেই হয়।

এই বেংকত সােণ ৰখাৰ বাবে কোনাে ভাড়া দিব নালাগে। অৱশ্যে এটা কোঠাৰ পৰা আন এটা কোঠালৈ নিয়াৰ বাবে খৰচ দিব লাগে। একোটা সােণৰ থাক স্থানান্তৰ কৰাৰ বাবে দুই
আমেৰিকান ডলাৰ দিব লাগে। এই বেংকৰ নিৰাপত্তা যে অত্যন্ত কঠোৰ হ’ব, সেয়া সহজেই অনুমেয়। নিউয়র্ক ফেডাৰেল বিজার্ভে ৰক্ষীসকলক নিজাকৈ প্রশিক্ষণ দিয়ে।

একেৰাহে এবছৰ এই প্রশিক্ষণ চলে। হেণ্ডগান, শটগান আৰু ৰাইফল চালনাত দক্ষতা প্রমাণপত্রও লাগে। দক্ষতা অনুযায়ী খুটাৰসকলক তিনিটা ভাগত বিভক্ত কৰা হয়। মার্কছমেন, শার্প খুটাৰ আৰু এক্সপার্ট। ইয়াৰ উপৰি কেমেৰা, এলার্ম, তলা আদি আছেই। যিবােৰ নিস্ক্রিয় কৰাৰ প্রক্রিয়া অত্যন্ত জটিল হােৱাৰ উপৰি সেই কাম কৰাটো এজন লােকৰ বাবে সম্ভৱ নহয়।

কাৰণ নিস্ক্রিয় কৰাৰ সম্পূর্ণ পদ্ধতি কাৰাে অৱগত নহয়। লগতে আছে এটা ৯০ টন ওজনৰ ইস্পাতৰ ঘূৰন্ত চিলিণ্ডাৰ। সেই ঘূৰন্ত চিলিণ্ডাৰৰ দুৱাৰ চন্দুকৰ দুৱাৰৰ স’তে মুখামুখিকৈ মিলিলেহে চন্দুকত সােমাব পৰা যায়। সমগ্র প্রক্রিয়াটোত সামান্য খেলিমেলি হলেই ২৫ ছেকেণ্ডৰাে কম সময়তে বন্ধ হৈ পৰে বেংকলৈ সােমােৱা আৰু বাহিৰ ওলােৱাৰ পথ। এই সকলােবােৰ ব্যৱস্থা পাৰ হৈ সােণৰ কাষত উপস্থিত হােৱাৰ বাবে প্রায় সমগ্ৰ দিনটোৰ প্ৰয়ােজন হয়।

সেয়ে জমাকাৰীসকলে সততে এই বেংকলৈ নাহে। আহিলেও বহু আগৰে পৰাই সােণৰ কাষত উপস্থিত হােৱাৰ পৰিকল্পনা গ্রহণ কৰিবলগীয়া হয়। অৱশ্যে পর্যটকসকলে এই বেংক পৰিদর্শন কৰিব পাৰে। পৰ্যটকৰ বাবে বেংকৰ দ্বাৰ মুকলি আছে।

Exit mobile version