৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব

সকলো ৰাজ্যক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

barandbench import 2019 03 supreme court 22 2

অহা ৩১ জুলাইৰ ভিতৰত দেশৰ সকলো ৰাজ্যৰ শিক্ষা ব’ৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব । উচ্চতম ন্যায়ালয়ে এইদৰে নিৰ্দেশ দি কয় যে, কিদৰে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰা হ’ব সেই বিষয়ত সংশ্লিষ্ট ব’ৰ্ডে অহা ১০ দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।

দ্বাদশৰ পৰীক্ষা বাতিল হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৱৰ্তী ফলাফল আৰু বিদ্যালয়ৰ নিজস্ব পৰীক্ষাৰ ফলৰ আধাৰতে দ্বাদশৰ ফলাফল নিৰ্ধাৰণ কৰিব লাগিব । কিদৰে মূল্যায়ন পক্ৰিয়াটো সম্পন্ন কৰা হ’ব, এই সিদ্ধান্ত আগন্তুক ১০ দিনৰ ভিতৰত স্পষ্ট কৰিবলৈকো সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে পূৰ্বৰ নিৰ্দেশনাত আদালতে কৈছিল যে বিভিন্ন ৰাজ্যৰ পৃথক পৃথক ব’ৰ্ডৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট মূল্যায়ন পদ্ধতি স্থিৰ কৰাটো সম্ভৱ নহ’ব । সৰ্বোচ্চ ন্যায়ালয়ে এই প্ৰসংগত মন্তব্য কৰি কৈছিল, ‘সকলো ৰাজ্যৰ ব’ৰ্ডে মূল্যায়নৰ এক নিৰ্দিষ্ট নিয়ম মানি চলিব লাগিব, এনে ধৰণৰ কোনো নিৰ্দেশ আমি দিয়া নাই । সমগ্ৰ দেশত এক নিয়মেৰে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা সম্ভৱ নহ’ব ।’

স্মৰ্তব্য যে, দেশৰ এজন অধিবক্তা ই বিভিন্ন ৰাজ্যৰ ব’ৰ্ডৰ দ্বাদশৰ পৰীক্ষা বাতিলৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । যিসমূহ ৰাজ্য‌ই ইতিমধ্যে পৰীক্ষা বাতিল কৰিছে, সেইসমূহ ৰাজ্যক সৰ্বোচ্চ ন্যায়ালয়ে অহা ৩১ জুলাইৰ ভিতৰত দ্বাদশৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সময় বান্ধি দিছে । তদুপৰি সকলো ৰাজ্যকে আগন্তুক ১০ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ পদ্ধতি স্থিৰ কৰিবলৈকো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে ।

Exit mobile version