এপার্টমেন্ট ছ’চাইটিৰ সভাপতিক হত্যাৰ ভাবুকি, গ্রেপ্তাৰ পায়েল

প্রায়ে নানা বিতর্কৰ স’তে জড়িত হৈ সংবাদ শিৰােনাম দখল কৰি অহা বলিউড অভিনেত্রী পায়েল ৰােহটগীক আহমেদাবাদ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে।

ADVERTISEMENT

অভিনেত্রীগৰাকীৰ বিৰুদ্ধে এপার্টমেণ্টৰ ছ’চাইটিৰ সভাপতিক হত্যাৰ ভাবুকি দিয়াৰ অভিযােগ উত্থাপিত হৈছে। অলপতে পায়েলে বাস কৰা এপার্টমেণ্টৰ ছ’চাইটিৰ সভাপতিয়ে আৰক্ষীক অভিযােগ দি কৈছিল যে অভিনেত্রীগৰাকীয়ে তেওঁক প্রায়ে গালি-গালাজ কৰি অহাৰ লগতে হত্যা কৰাৰাে ভাবুকি দিছিল।

ছ’চাইটিৰ সদস্য নােহােৱাৰ পাছতাে যােৱা ২০ জুনত এপার্টমেণ্টৰ ছ’চাইটিৰ বৈঠকত হঠাতে উপস্থিত হৈ পায়েলে সভাপতিৰ লগতে আন কে’বাজনাে লােকক গালি-গালাজ পাৰিছিল। ইয়াৰ পাছতাে ছ’চাইটিৰ সভাপতিয়ে আৰক্ষীক গােচৰ দিয়ে আৰু আহমেদাবাদ আৰক্ষীয়ে শুকুৰবাৰে পায়েলক গ্রেপ্তাৰ কৰে।

Exit mobile version